পুৱা সাত বজাৰ আৰম্ভ হৈছে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

পুৱা সাত বজাৰ আৰম্ভ হৈছে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

ডিজিটেল সংবাদ, বেকাজানঃ চতুৰ্দশ নাগালেণ্ডনা বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে । নাগালেণ্ডৰ মুঠ ৫৯ সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । এইবাৰৰ নিৰ্বাচনত নাগালেণ্ডত মুঠ ১৩,১৭,৬৩২ গৰাকী ভোটাৰ আছে । ইয়াৰে ৬,৬১,৪৮৯ জন পুৰুষ আৰু ৬,৫৬,১৪৩ জন মহিলা। মুঠ ৬০ খন আসনৰ ভিতৰত ৫৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা ১৮২ জন প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ণয় কৰিব। এই ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

দেওবাৰে মুখ্য নিৰ্বাচনী বিষয়া নাগালেণ্ড ভি শশাংক শেখৰে কয় যে নিৰ্বাচনী কৰ্তব্যৰ বাবে ১১,৫৭৫ জন ভোটগ্ৰহণকাৰীক প্ৰেৰণ কৰা হৈছে । ৫৯খন বিধানসভাৰ সমষ্টিৰ বাবে ২২৯১টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ স্থাপন কৰা হৈছে। ৱাখা জিলাৰ ভাণ্ডাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰাপানী ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বনিম্ন ৭১ টাত ভোটাৰ আছে। আনহাতে ৩৮৭ টা সকলো মহিলা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে।

সমগ্ৰ ৰাজ্যৰ ভোটকেন্দ্ৰসমূহত কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ ৩০০ৰো অধিক কোম্পানী আৰু ১১০০০ ৰাজ্যিক আৰক্ষী জোৱান নিয়োজিত কৰা হৈছে। তেওঁ কয় যে ৭২০টা ভোটকেন্দ্ৰক দুৰ্বল ৭৭৭টা স্পৰ্শকাতৰ আৰু বাকীবোৰ স্বাভাৱিক বুলি চিনাক্ত কৰা হৈছে। শাসকীয় এন ডি পি পি আৰু বিজেপি দলে ৪০:২০ আসন ভাগৰ ভিত্তিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ঝুনহেবোটো জিলাৰ আকুলুটো আসনত বিনা প্ৰতিদ্বন্দ্বিতা লাভ কৰে বিজেপিৰ প্ৰাৰ্থী তথা বহা বিধায়ক কাজেটো কিনিমিয়ে। কংগ্ৰেছে ২৩ গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে বিগত বিধানসভা নিৰ্বাচনত ২৬ খন আসন লাভ কৰা এন পি এফে ২২ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

এন পি পি আৰু এন চি পিয়ে ১২ জনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। নাগালেণ্ডৰ ৰাজনীতিত নবীন এলজেপিয়ে (ৰাম বিলাস) ১৬ জনকৈ প্ৰাৰ্থীৰ স্থান দিছে, আনহাতে আৰ পি আইয়ে (আথাৱালে) ৮ জন আকাংক্ষীক প্ৰক্ষেপ কৰিছে।মুঠ ১৯ জন মনোনীত ব্যক্তিয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব।

পুৱা সাত বজাৰ আৰম্ভ হৈছে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া
Nagaland Assembly Election Live Update : নাগালেণ্ড বিধানসভা নিৰ্বাচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in