ডাক্তৰৰ ৰূপত দানৱ : ভুৱা অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ হাতত মৃত্যু কেইবাজনো ৰোগীৰ

ডাক্তৰৰ ৰূপত দানৱ : ভুৱা অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ হাতত মৃত্যু কেইবাজনো ৰোগীৰ

author-image
Asomiya Pratidin
New Update
ডাক্তৰৰ ৰূপত দানৱ : ভুৱা অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ হাতত মৃত্যু কেইবাজনো ৰোগীৰ

ডিজিটেল ডেস্কঃ দিল্লীৰ কৈলাশ অঞ্চলৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। দক্ষিণ দিল্লীৰ এখন ক্লিনিকত অস্ত্ৰোপচাৰ কৰা ২জন ৰোগীৰ মৃত্যুৰ সৈতে জড়িত ৪জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। দিল্লী আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে প্ৰাক্তন লেবৰেটৰী টেকনিচিয়ান মহেন্দৰ সিঙৰ সৈতে ডাঃ নীৰজ আগৰৱাল, তেওঁৰ পত্নী পূজা আগৰৱাল আৰু ডাঃ যশপ্ৰীত সিঙক গ্ৰেপ্তাৰ কৰা হয়।

Advertisment

আৰক্ষীৰ তথ্য অনুসৰি ২০২২ চনত আছঘৰ আলী নামৰ এজন ৰোগীক পিত্তথলীৰ চিকিৎসাৰ বাবে দক্ষিণ দিল্লীস্থিত ক্লিনিক খনত ভৰ্তি কৰোৱা হৈছিল। প্ৰথম অৱস্থাত আছঘৰ আলীক জনোৱা হৈছিল যে অস্ত্ৰোপচাৰটো অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ যশপ্ৰীত সিঙে কৰিব। কিন্তু অপাৰেচনৰ ঠিক আগমুহুৰ্তত ডাঃ যশপ্ৰীত সিঙৰ ঠাইত পূজা আগৰৱাল আৰু মহেন্দ্ৰ আগৰৱালক নিযুক্তি দিয়া হয়।

অস্ত্ৰোপচাৰ কক্ষৰ পৰা ওলাই অহাৰ পিছত আছঘৰ আলীয়ে তীব্ৰ বিষ অনুভৱ কৰা বুলি জনোৱাপ পাছত তেওঁক তৎক্ষণাত ছফদাৰজং হাস্পতাললৈ লৈ যোৱা হৈছিল। কিন্তু দুৰ্ভাগ্যক্ৰমে ছফদাৰজং হাস্পতাল উপস্থিত হোৱাৰ লগে লগে আছঘৰ আলীক ডাক্তৰে মৃত বুলি ঘোষণা কৰিছিল।

ৰোগীসকলৰ পৰিয়ালে অভিযোগ কৰিছিল যে আগৰৱাল চিকিৎসা কেন্দ্ৰ পৰিচালনা কৰা ডাঃ আগৰৱালা আৰু আন তিনিজনে প্ৰতিষ্ঠিত চিকিৎসা প্ৰট’কল মানি নচলি একাধিক ৰোগীৰ গুৰুত্বপূৰ্ণ অংগৰ অস্ত্ৰোপচাৰ কৰিছিল। অভিযোগকাৰীৰ মতে, ডাঃ আগৰৱাল এজন চিকিৎসক যদিও তেওঁ ভুৱা নথি-পত্ৰৰ সহায়ত অস্ত্ৰোপচাৰ কৰে। অষ্ট্ৰোপচাৰৰ কৰাৰ বাবে ডাঃ আগৰৱালৰ প্ৰয়োজনীয় অৰ্হতা নাই।

উল্লেখ্য যে, এই গোচৰৰ তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০১৬ চনৰ পৰা মহেন্দ্ৰ আগৰৱাল, পূজা আগৰৱাল আৰু আগৰৱাল চিকিৎসা কেন্দ্ৰৰ বিৰুদ্ধে কমেও ৭টা অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ তথ্য অনুসৰি, ৭টা গোচৰতে চিকিৎসাৰ গাফিলতিৰ বাবে ৰোগীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে।

আৰক্ষী উপ আয়ুক্ত চন্দন চৌধাৰীয়ে জনোৱা মতে, ১ নৱেম্বৰত ৪জন চিকিৎসকৰে গঠিত এখন মেডিকেল ব’ৰ্ডক চিকিৎসা কেন্দ্ৰটো পৰীক্ষা কৰাত মেডিকেলখনত ৰোগীৰ চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ সৈতে জড়িত বহুতো ভুৱা নথিপত্ৰ উদ্ধাৰ কৰা হৈছিল।

এই অভিযানত আৰক্ষীয়ে কেৱল চিকিৎসকৰ স্বাক্ষৰ থকা ৪১৪খন উকা প্ৰেছক্ৰিপচন স্লিপ, ক্লিনিকত সম্পন্ন কৰা এমটিপি পদ্ধতিৰ ৰোগীৰ তথ্য থকা দুখন ৰেজিষ্টাৰ, আৰু কেইবাটাও নিষিদ্ধ ঔষধ আৰু বেজী উদ্ধাৰ কৰে।

ইয়াৰোপৰি আগৰৱালাৰ বাসগৃহ আৰু ক্লিনিকৰ পৰা মেয়াদ উকলি যোৱা চাৰ্জিকেল ব্লেড, অসংখ্য ৰোগীৰ অৰিজিনেল প্ৰেছক্ৰিপচন স্লিপ, ৪৭টা ভিন্ন বেংকৰ চেকবুক, বিভিন্ন বেংকৰ ৫৪খন এটিএম কাৰ্ড, একাধিক ডাকঘৰৰ পাছবুক, আৰু ৬টা পিঅ’এছ টাৰ্মিনেল ক্ৰেডিট কাৰ্ড মেচিনো উদ্ধাৰ কৰে।

Also Read: মেঘালয়ৰ সোনাপুৰত পথৰ ওপৰতে ভষ্মীভূত হ'ল চলন্ত ট্ৰাক

fake doctor