২০১৪ ৰ পাছত দেশত প্ৰায় দুগুণ হ'ল চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা

২০১৪ ৰ পাছত দেশত প্ৰায় দুগুণ হ'ল চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে সদৰী কৰা এক তথ্য অনুসৰি ২০১৪ বৰ্ষৰ পাছত প্ৰায় দুগুণ হ'ল চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা । ২০১৪ চনত দেশত আছিল ৩৮৭ খন চিকিৎসা মহাবিদ্যালয় আৰু বৰ্তমান এই সংখ্যা বৃদ্ধি হৈ হ'লগৈ ৬৬০ খন । এই ক্ষেত্ৰত কেৱল এইমছ (অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েঞ্চেছ)এ ২০১৪ বৰ্ষত আছিল কেৱল ৭ খন যি বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত সৰ্বমুঠ ২২ খন ।

আনহাতে, চিকিৎসা সেৱাৰ স্নাতকোত্তৰ শিক্ষাৰ ক্ষেত্ৰতো বৃদ্ধি কৰা হৈছে আসনৰ সংখ্যা । বৰ্তমান দেশত ৬৫,৩৩৫ খন আসন আছে স্নাতকোত্তৰৰ বাবে যি ২০-১৪ বৰ্ষত আছিল কেৱল ৩১,১৮৫ খন । আনহাতে, এম বি বি এচৰ ক্ষেত্ৰতো দেখা গ'ল একেই উন্নতি । ২০১৪ বৰ্ষত কেৱল ৫১,৩৪৮ খন আসনৰ পৰিৱৰ্তে বৰ্তমান ১,০১,০৪৩ খন আসন আছে ।

উল্লেখ্য যে, এই উন্নতি এতিয়া কেৱল চিকিৎসা মহাবিদ্যালয়তে সীমাবদ্ধ হ'ব নে তৃণমূল পৰ্যায়তো প্ৰত্যক্ষ কৰা হ'ব সেইয়া হে লক্ষণীয় । দেশৰ চিকিৎসা খণ্ডৰ শোচনীয় অৱস্থা পূৰ্বতেও পৰিলক্ষিত হৈছে বিভিন্ন সময়ত । এতিয়া চিকিৎসা মহাবিদ্যালয় আৰু আসনৰ সংখ্যা বৃদ্ধিয়ে এই অভাৱ পূৰণ কৰিব বুলি আশাবদ্ধ দেশৰ ৰাইজ ।

২০১৪ ৰ পাছত দেশত প্ৰায় দুগুণ হ'ল চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা
বহিঃৰাজ্যত সন্ধানহীন তিনিচুকীয়াৰ দুজন লোক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in