বিজেপি ৰ'ল পিছপৰি! দিল্লী পৌৰ নিৰ্বাচনত আপৰ জয়...

বুধবাৰে ঘোষণা হ'ল দিল্লীৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল।দিল্লী পৌৰ নিগমৰ ২৫০ খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
তৃতীয়বাৰৰ বাবে দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব অৰবিন্দ কেজৰিৱালে…

ডিজিটেল ডেস্ক: বুধবাৰে ঘোষণা হ'ল দিল্লীৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল।দিল্লীত জয় সাব্যস্ত কৰিলে আম আদমী পাৰ্টিয়ে। দিল্লী পৌৰ নিগমৰ ২৫০ খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। উল্লেখ্য যে, প্ৰায় ১৫ বছৰ ধৰি বিজেপিৰ দখলত থকা দিল্লীৰ পৌৰ নিগম আহিল আপৰ দখললৈ।

Advertisment

এই ২৫০ খন আসনৰ ১৩৪ খন আসন আপ, ১০৪ খন আসন বিজেপি, ৯ খন আসন কংগ্ৰেছ আৰু অন্যান্যই লাভ কৰে ৩ খনকৈ আসন। এই জয়ৰ পাছতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে দিল্লীৰ ৰাইজে ১৫ বছৰে দুৰ্নীতিগ্ৰস্ত বিজেপি চৰকাৰক আঁতৰাবলৈ আৰু আপ চৰকাৰ গঠন কৰিবলৈ সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছে। এইটো আপৰ বাবে এটা ডাঙৰ দায়িত্ব।

তেওঁ লগতে কয় যে, দিল্লীৰ মানুহে মোক দিল্লী পৰিষ্কাৰ কৰা, দুৰ্নীতি ৰোধ কৰা আদি বিভিন্ন দায়িত্ব দিছে। আপোনাৰ বিশ্বাস বজাই ৰাখিবলৈ মই দিন-ৰাতি কঠোৰ পৰিশ্ৰম কৰিম। মই দিল্লীৰ লোকসকলক অভিনন্দন জনাব বিচাৰো।

আৰু পঢ়ক: উৰিয়াগাঁৱত থলুৱাৰ স্বাৰ্থত ৰাজহুৱা সভা

mcd bjp aap delhi