/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/44c33647-0b61-4446-82b1-fd9584b43f43/PROTEST_07.jpg)
উৰিয়াগাঁৱত থলুৱাৰ স্বাৰ্থত ৰাজহুৱা সভা
ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ উৰিয়াগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে ৰাজহুৱা সভা ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে থলুৱা বিৰোধী নীতি গ্ৰহণ কৰাৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত হয় এই ৰাজহুৱা সভাখন ৷
যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বিয়লি প্ৰদীপ শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত হয় এই প্ৰতিবাদী সভাখনত সভাত বঢ়মপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গ্ৰহণ কৰা থলুৱা বিৰোধী নীতিক তীব্ৰ বিৰোধিতা কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/75b6cff2-1938-4b79-91b8-f3bd127b6ed4/WhatsApp_Image_2022_12_07_at_4_04_31_PM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/3cb2f5d2-1fbc-475e-8a03-6685f9d5ae90/WhatsApp_Image_2022_12_07_at_3_48_18_PM.jpeg)
অগপ দলৰ নেতা বৰুৱাই কয় যে, অসমীয়া জাতিৰ স্বাৰ্থত থলুৱাৰ স্বাৰ্থত অসমীয়া হিচাপে এনে কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম ৷ অসমীয়াৰ কাৰনে আঞ্চলিক শক্তিৰ প্ৰয়োজন আছে ৷ মই বিবেক বিক্ৰি কৰিব নিবিছাৰো ৷
সভাত বৰুৱাই কয় যে, চৰকাৰে থলুৱাক পেটে ভাতে মৰাৰ ব্যৱস্থা কৰিছে ৷ ভূমিৰ অধিকাৰ অসমীয়া মানুহে সাংঘাটিক ভাবে হেৰুৱাব ধৰিছে ৷ এবাৰ ভূমিৰ অধিকাৰ গ’লে কেতিয়াও ঘূৰি নাহে ৷
চৰকাৰে অসমীয়া মানুহক বন্ধকত থোৱা নীতি গ্ৰহণ কৰিছে ৷ আৱেগিক ভাবে শোষণ কৰা হৈছে ৷ চৰকাৰে নীতি সলনি কৰি অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে চিন্তা কৰা উচিত ৷
সভাত অভিনেতা কমলেশ্বৰ শইকীয়াই অংশ গ্ৰহণ কৰি কয় যে, ৰাইজক মাৰি উন্নয়ন চৰকাৰে কৰিলে নহ'ব ৷ এই কথা চৰকাৰে অনুধাবন কৰা উচিত ৷ প্ৰাগজ্যোতি বনিয়াৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা সভাত স্হানীয় বয়োজ্যেষ্ঠ ব্যক্তি, শিক্ষাবিদ অকন বৰা , নাৰায়ন বনিয়া, মোহন বৰা, প্ৰবীন কুমাৰ দাস, মুকুট বৰা, গুনিন হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e909dbb7-3b57-411a-98ac-4370318f4e44/WhatsApp_Image_2022_12_07_at_4_04_33_PM.jpeg)
উল্লেখ্য যে, উৰিয়াগাঁৱৰ বাইপাচ চকৰ মাটি গোপনে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে বহিৰাগত বনিয়াক গতাই দিছে ৷ এই কাৰ্য কৰিবলৈ যাওঁতে প্ৰাধিকৰণে নগাঁৱৰ প্ৰশাসনক ব্যৱহাৰ কৰি থলুৱা শতাধিক ব্যৱসায়ীক উচ্ছেদ কৰিব বিছাৰিছে ৷
থলুৱা সাধাৰন ব্যৱসায়ীক উচ্ছেদ কৰি পেটে ভাতে মাৰি বহিৰাগত বনিয়াক ভূমি গতাই দিব বিছৰা কাৰ্যৰ বিৰুদ্ধে বৰ্তমান উৰিয়াগাঁৱত আৰম্ভ হোৱা প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰন কৰিছে ৷ ইফালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে উৰিয়াগাঁও চকত চলি থকা আমৰন অনশনে বুধবাৰে তৃতীয় দিনত ভৰি দিয়ে ৷
ক্লিক কৰি পঢ়কঃ অৰ্পণ বেজবৰুৱা গ'লগৈঃ একালৰ বিদ্ৰোহীজন হৈ পৰিছিল নাট্যভূষণ..