ডিজিটেল সংবাদ গুৱাহাটীঃ জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ ভক্তিদৰ্শন, মতবাদ আৰু কৃষ্টি-সংস্কৃতি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ত লৈ বিয়পাই নিয়াৰ প্ৰয়াসৰ লগতে গুৰুদুজনাৰ অমূল্য সৃষ্টি সম্ভাৰক বিশ্বমুখী কৰাৰ লক্ষ্য আগত ৰাখি কাম কৰি আহিছে অসমৰ অন্যতম সত্ৰীয়া সাংস্কৃতিক সংগঠন "শ্ৰীশ্ৰী শঙ্কৰদেৱ-মাধৱদেৱ গৱেষণা আৰু বিকাশ কেন্দ্ৰ"ই। গুৰুদুজনাৰ অমূল্য সৃষ্টি সম্ভাৰৰ বিকাশৰ বাবে কাম কৰি অহা এই সংগঠনৰ উদ্যোগত ২৯ আৰু ৩০ ছেপ্টেম্বৰত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মথুৰাত দ্বিতীয় "মথুৰা-বৃন্দাবন মহোৎসৱ" অনুষ্ঠিত হৈছে।
অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে মহোৎসৱ সন্দৰ্ভত জনোৱা মতে, ২৯ ছেপ্টেম্বৰ ৰাতিপুৱা ৮ বজাত প্ৰভাতি ভক্তিমূলক গীত আৰু প্ৰসঙ্গৰ জৰিয়তে মহোৎসৱৰ কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰা হয়। এই কাৰ্য্যসূচী ৰূপায়ণৰ পিছত অসমৰ পৰা যোৱা শতাধিক ভক্তবৃন্দৰ লগতে মথুৰাৰ প্ৰায় তিনি শতাধিক ভক্তপ্ৰাণ লোকৰ অংশ গ্ৰহণেৰে ভাগৱৎ যাত্ৰা কাৰ্য্যসূচী অনুষ্ঠিত হয়।
এই ভাগৱৎ যাত্ৰাত মথুৰা আৰু বৃন্দাবনৰ বিভিন্ন ক্ষেত্ৰৰ ধৰ্মপ্ৰাণ লোকসকলে পৰম্পৰাগত মথুৰাৰ সাজ-পোছাক পৰিধান কৰি অংশগ্ৰহণ কৰা দৃশ্যই মথুৰাৰ নৱগাঁৱত প্ৰতিষ্ঠা হোৱা নামঘৰৰ পৰিৱেশক এক নান্দনিক ৰূপেৰে উদ্ভাসিত কৰি তোলে। ভাগৱৎ যাত্ৰাত অংশগ্ৰহণ কৰা মথুৰা আৰু বৃন্দাবনৰ লোকসকলে গুৰুদুজনাৰ অনবৈদ্য সৃষ্টি "নাম-প্ৰসংগ" পৰিৱেশন কৰা কাৰ্য্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি প্ৰকৃত অৰ্থত গুৰুদুজনাৰ সমগ্ৰ সৃষ্টিৰাজিক বিশ্বজনীন ৰূপ দিয়াৰ বাট মুকলি কৰি তোলে।
ভাগৱৎ যাত্ৰাৰ পিছত বাবুল ভকত আৰু গোপাল ভকতৰ পৰিচালনাত "নাম" অনুষ্ঠিত হয়। এই কাৰ্য্যসূচীটো মথুৰাৰ ৰাইজে অংশগ্ৰহণ কৰি অসমৰ অন্যতম লোককৃষ্টি "নাম"ক এক অনন্য মাত্ৰা প্ৰদান কৰে। বিয়লি ৩ বজাত গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ সভাপতি উদ্ধৱ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ধৰ্মালোচনী সভাত অসমৰ বিশিষ্ট লেখক আৰু সমালোচক থানেশ্বৰ মালাকাৰ, এ.পি.ডি.চি.এলৰ উপ-মহাপ্ৰৱন্ধক অসীম ঠাকুৰীয়া উপস্থিত থাকি গুৰুদুজনাৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ নাম ধৰ্মৰ মহত্বৰ বিষয়ে ব্যাখ্যা কৰি গুৰুদুজনাৰ আদৰ্শক সৰ্বভাৰতীয় স্তৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত মথুৰাৰ ভক্তপ্ৰাণ ৰাইজে জনোৱা সঁহাৰিৰ শলাগ লয়।
সন্ধিয়া অনুষ্ঠিত হোৱা সত্ৰীয়া সাংস্কৃতিক সমাৰোহত মথুৰাৰ স্থানীয় শিল্পীসকলে মথুৰাত প্ৰচলিত কৃষ্ণ বন্দনাৰ নৃত্য পৰিৱেশন কৰাৰ লগতে গীত-মাত পৰিৱেশন কৰে। অনুষ্ঠানত অসমৰ কেইবাগৰাকীও শিল্পী বৰগীত, সত্ৰীয়া নৃত্য পৰিৱেশন কৰি উত্তৰপ্ৰদেশৰ কৃষ্ণ সংস্কৃতিৰ লগত এক সাংস্কৃতিক বিনিময় কাৰ্য্যসূচী ৰূপায়ন কৰে।৩০ ছেপ্টেম্বৰত বৃন্দাবন দৰ্শন কাৰ্য্যসূচীৰে "মথুৰা-বৃন্দাবন মহোৎসৱ"ৰ সফল সামৰণি পৰে। উল্লেখযোগ্য যে, ২০২৩ চনত মথুৰাৰ নৱগাঁৱত একশৰণ নাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে এটা নামঘৰ প্ৰতিষ্ঠা কৰা হৈছিল।