ডিজিটেল সংবাদ লখিমপুৰঃ যিদৰে সমগ্ৰ ৰাজ্যতে দুৰ্গোৎসৱৰ প্ৰস্তুতি চলিছে ঠিক সেইদৰেই গাঁৱে গাঁৱে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মোৎসৱ উদযাপনৰো প্ৰস্তুতি চলিছে ৷ ৰং, তুলিকাৰে নতুন ৰূপ দিয়া হৈছে অসমীয়া জাতিৰ আধ্যাত্মিকতাৰ কেন্দ্ৰ শংকৰদেৱ গুৰুজনাৰ অনবৈদ্য অৱদান নামঘৰসমূহক ৷
ক’ৰবাত যদি এদিনীয়া আন ক’ৰবাত আকৌ তিনিদিনীয়া আধ্যাত্মিক কাৰ্যসূচীৰে অসমীয়া জাতীয় জীৱনৰ খনিকৰ,পৰমগুৰু শংকৰদেৱক স্মৰণৰ ব্যৱস্থা কৰিছে। জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মোৎসৱলৈ মাজত মাথোঁ কেইটামান দিনৰ অপেক্ষা।
লখিমপুৰ কদম ২নং লাইমেকুৰী নামঘৰটো আড়ম্বৰপূৰ্ণ ভাবে অনুষ্ঠিত হ'ব ৫৭৬ সংখ্যক গুৰুজনাৰ জন্মোৎৱ। এই জন্মোৎসৱ অনুষ্ঠানৰ পূৰ্বে ২নং লাইমেকুৰী নামঘৰৰ বাটচৰা উদ্বোধনী অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত গায়নে-বায়নেৰে গুৰু বন্দনাৰে মুখৰিত হ’ল সমগ্ৰ অঞ্চলটো।