নাইনিতালত ভয়াৱহ বনজুই : ৩গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ

ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী পুস্কৰ সিঙ ধামিয়ে প্ৰশাসনক সকলো যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে
নাইনিতালত ভয়াৱহ বনজুই : ৩গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক : উত্তৰাখণ্ডৰ নাইনিতালত ভয়াৱহ বনজুয়ে চানি ধৰিছে সমগ্ৰ অঞ্চল। উচ্চ ন্যায়ালয়ৰ ক'লনীকে ধৰি কেইবাটাও আবাসীক এলেকাত চানি ধৰে বনজুয়ে।

এই ঘটনাৰ পাচতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুস্কৰ সিঙ ধামিয়ে এখন জৰুৰীকালীন বৈঠক আহ্বান কৰে। ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনী আৰু সেনা বাহিনীৰ সহযোগত উদ্ধাৰ অভিযান অৱ্যাহত থকাৰ কথা জানিব পৰা গৈছে।

আনহাতে বনজুইৰ পৰিপ্ৰেক্ষিত নাইনিতাল জিলা প্ৰশাসনে ভোটদান প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰে। উত্তৰাখণ্ডৰ বন বিভাগে জনোৱা অনুসৰি জিলাখনৰ আন ৫টা অঞ্চলত বনজুইৰ ঘটনা সংঘটিত হৈছে।

বনজুইৰ ফলত ৩৩.৩৪হেক্টৰ ভূমিৰ ক্ষতিসাধন হোৱাৰ কথা জানিব পৰা গৈছে। ইফালে আৰক্ষীয়ে বনজুইৰ ঘটনাৰে জড়িত ৩গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৰুদ্ৰপ্ৰয়াগৰ জংঘলত অগ্নিসংযোগ কৰিব লওঁতেই নৰেশ ভট্ট নামৰ লোকজনক হাতে-লোটে ধৰা পেলাইছিল আৰক্ষীয়ে। উক্ত ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী পুস্কৰ সিঙ ধামিয়ে প্ৰশাসনক সকলো যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

নাইনিতালত ভয়াৱহ বনজুই : ৩গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ
শোণিতপুৰত হাতীৰ আক্ৰমণত নিহত ৩জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in