শোণিতপুৰত হাতীৰ আক্ৰমণত নিহত ৩জন

প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল ডেস্ক : শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিত বনৰীয়া হাতীৰ আক্ৰমণত দুজন বনকৰ্মী সহ এজন স্থানীয় লোক নিহত হয় বুলি জানিব পৰা গৈছে।

নিহত বনকৰ্মী দুজন হৈছে কুলেশ্বৰ বড়ো আৰু বীৰেন ৰাভা৷ আনহাতে যতন তাঁতী নামৰ এজন স্থানীয় লোক মৃত্যু হয় হাতীটোৰ আক্ৰমণত৷

ঘটনা বিৱৰণী অনুসৰি শনিবাৰে কাহিলীপুৱাতে প্ৰথমে বনৰীয়া হাতীৰ আক্ৰমন হৈছিল যতন তাঁতী(৬০)নামৰ এজন ব্যক্তিৰ৷শুই উঠি প্ৰাঃত কৰ্মলৈ ওলাই যোৱা যতন তাঁতী নামৰ লোকজনক ঘৰৰ কাষতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত কৰুণ মৃত্যুক আকোঁৱালি লয়৷

বনৰীয়া হাতীটো ধিৰাইমাজুলি অঞ্চলটোৰ এখন ব্যক্তিগত চাহ বাগিচাৰ মাজতেই আশ্ৰয় লৈ থকাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছিল৷ ঘটনাস্থলীত স্থানীয় শিঙৰী আৰক্ষী, ঢেকিয়াজুলি আৰু আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী সকল উপস্থিত হৈছিল৷ বনকৰ্মীৰ দলে হাতীটোক গাওঁৰ মাজৰ পৰা খেদি পঠোৱাৰ চেষ্টা কৰোতেই বনকৰ্মীলৈ চোঁচা লয় হাতীটোৱে৷

বনকৰ্মী দুজনে পলাবলৈ চেষ্টা কৰিছিল যদিও হাতীৰ আক্ৰমণত নিহত হয় বনকৰ্মী দুজন৷ এই ঘটনাত বনকৰ্মী সকলৰ লগতে স্থানীয় ৰাইজৰ মাজত শোকৰ ছাঁ পৰিছে৷ ইতিমধ্যে নিহত স্থানীয় যতন তাঁতী(৬০), বনকৰ্মী কুলেশ্বৰ বড়ো(৪৫) আৰু বীৰেন ৰাভা (৫০)ৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷

প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিদিন টাইমৰ বীৰেন বৰালৈ সফল সাংবাদিকতাৰ বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in