ব্ৰেইন টিউমাৰত আক্ৰান্ত বৰ্ষীয়ান ৰাজনৈতিক নেতা মনোহৰ যোশী...

ব্ৰেইন টিউমাৰত আক্ৰান্ত বৰ্ষীয়ান ৰাজনৈতিক নেতা মনোহৰ যোশী...

author-image
Asomiya Pratidin
New Update
ব্ৰেইন টিউমাৰত আক্ৰান্ত বৰ্ষীয়ান ৰাজনৈতিক নেতা মনোহৰ যোশী...

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মনোহৰ যোশী অসুস্থ। বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীক ভৰ্তি কৰোৱা হৈছে মুম্বাইস্থিত হিন্দুজা হাস্পতালত।

উল্লেখ্য যে, ৮৫ বছৰীয়া মনোহৰ যোশীক সোমবাৰে নিশা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি তেওঁ ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত।

মহাৰাষ্ট্ৰৰ শক্তিশালী সংগঠন শিৱসেনাৰ একালৰ মুৰব্বী বালাছাহেব ঠাকৰেৰ অতি ঘনিষ্ঠ এইগৰাকী হিন্দুত্ববাদী নেতাৰ স্বাস্থ্যৰ বুজ ল'বলৈ আজি হাস্পতালত গৈ উপস্থিত হয় বালাছাহেব ঠাকৰেৰ পুত্ৰ তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু তেওঁৰ পত্নী।

এইগৰাকী বৰ্ষীয়ান ৰাজনীতিবিদৰ মহাৰাষ্ট্ৰ ৰাজনীতিত আছে সবল ভূমিকা। তেওঁ নিজৰ ৰাজনৈতিক কেৰিয়াৰত মুম্বাইৰ মেয়ৰ পদত অধিস্থিত হোৱাৰ উপৰিও পৰ্যায়ক্ৰমে বিধায়ক, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, লোকসভাৰ অধ্যক্ষ আদি পদত অধিস্থিত হৈছিল।

Also Read: যিয়ে মোডীৰ লগত কথা পাতে বা সান্নিধ্য লাভ কৰে সিয়েই নিজকে ধন্য মানেঃ ন'বেল বিজয়ী

Manohar Joshi