যিয়ে মোডীৰ লগত কথা পাতে বা সান্নিধ্য লাভ কৰে সিয়েই নিজকে ধন্য মানেঃ ন'বেল বিজয়ী

ভাৰতৰ সৈতে বিভিন্ন গৱেষণামূলক কাম-কাজ কৰাৰ বাবে ন'বেল বিজয়ীগৰাকী আগ্ৰহী

author-image
Asomiya Pratidin
New Update
যিয়ে মোডীৰ লগত কথা পাতে বা সান্নিধ্য লাভ কৰে সিয়েই নিজকে ধন্য মানেঃ ন'বেল বিজয়ী

ডিজিটেল ডেস্কঃ সম্প্ৰতি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ব্যস্ত অষ্ট্ৰেলিয়া ভ্ৰমণত। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী মোডী উপস্থিত হৈছে বিদেশী ৰাষ্ট্ৰখনত।

Advertisment

প্ৰধানমন্ত্ৰীগৰাকীৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ মাজতে ছিডনীত সাক্ষাৎ হয় ন'বেল বঁটা বিজয়ী তথা Australian National Universityৰ উপাচাৰ্য ব্ৰায়ান পল স্মিতক। ভাৰতৰ প্ৰধনমন্ত্ৰীগৰাকীক লগ পাই যথেষ্ট আনন্দিত ব্ৰায়ান পল স্মিত। মোডীক উচ্চ প্ৰশংসা ন'বেল বিজয়ীগৰাকীৰ।

তেওঁ নৰেন্দ্ৰ মোডীৰ ব্যক্তিত্বক প্ৰশংসা কৰি কয় যে, মোডীৰ সৈতে কথা পাতিবলৈ প্ৰায় সংখ্যকে আগ্ৰহী। যিয়ে তেওঁৰ লগত কথা পাতে বা সান্নিধ্য লাভ কৰে সিয়েই নিজকে ধন্য মানে।

ন'বেল বিজয়ীগৰাকীয়ে তেওঁৰ জীৱন কালত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সতে সময় কটাবলৈ পাই আনন্দ অনুভৱ কৰে। ভাৰতৰ সৈতে বিভিন্ন গৱেষণামূলক কাম-কাজ কৰাৰ বাবে ন'বেল বিজয়ীগৰাকী আগ্ৰহী বুলি মন্তব্য কৰে।

ভাৰতত বিভিন্ন বিজ্ঞানসন্মত কাম-কাজ কৰিব পৰাৰ থল বুলি উল্লেখ কৰি ব্ৰায়ান স্মিতে কয় যে ভাৰতৰ বিশ্বমানৰ বিজ্ঞানসন্মত কাম কৰিব পৰা সামৰ্থ আছে। অনাগত দিনত একেলগে কাম কৰাৰ বাবে তেওঁ আগ্ৰহ প্ৰকাশ কৰে।

উল্লেখ্য যে ব্ৰায়ান পল স্মিতে ২০১১ চনত পদাৰ্থ বিজ্ঞানত ন'বেল বঁটা লাভ কৰিছিল। ইয়াৰোপৰি তেওঁ Australian National University (ANU)ত উপাচাৰ্য পদৰ আসন অলংকৃত কৰিছিল।

Also Read: আৰ্থিক দৈন্যতাক নেওচি উজ্বলিল জামুগুৰিহাটৰ ইটাখোলাৰ নাজিছা আহমেদ...

narendra modi