পুনৰ ৫দিনৰ ই ডিৰ জিম্মাত মনীষ ছিছ’দিয়া...

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক পুনৰ ৫ দিনৰ বাবে ই ডিয়ে নিজৰ জিম্মাত লৈছে । দিল্লীৰ এখন আদালতে শেহতীয়াকৈ জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছে
পুনৰ ৫দিনৰ ই ডিৰ জিম্মাত মনীষ ছিছ’দিয়া...

ডিজিটেল ডেস্কঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক পুনৰ ৫ দিনৰ বাবে ই ডিয়ে নিজৰ জিম্মাত লৈছে । দিল্লীৰ এখন আদালতে শেহতীয়াকৈ জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছে ।

ইয়াৰ পূৰ্বে ৭ দিনৰ বাবে ই ডিয়ে জিম্মাত লৈছিল উপ-মুখ্যমন্ত্ৰীগৰাকীক । পুনৰবাৰ জিম্মাত লৈ ছিছ’দিয়াৰ মোবাইল পৰীক্ষণৰ বাবে অনুমতি বিছাৰি ই ডিয়ে বিছাৰিছে সময়৷ ই ডিয়ে আদালতক জনোৱা অনুসৰি ছিছ’দিয়াই বহুবাৰ নিজৰ মোবাইল ফোন সলনি কৰিছে ৷

উল্লেখযোগ্য যে আপৰ নেতাগৰাকী ২৬ ফেব্ৰুৱাৰীৰ পৰা কাৰাগাৰত আছে ৷ অৰবিন্দ কেজৰিৱাল চৰকাৰে ২০২১ চনৰ নৱেম্বৰ মাহত সুৰাৰ অনুজ্ঞাপত্ৰধাৰীসকলক অবৈধ লাভালাভ দিয়াৰ অভিযোগৰ সন্মুখীন হৈছিল ৷ এই অভিযোগৰ ভিত্তিতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

পুনৰ ৫দিনৰ ই ডিৰ জিম্মাত মনীষ ছিছ’দিয়া...
প্ৰশ্নকাকত ফাদিলঃ সকলো ব্যস্ত ক্লিনশ্বীট দিয়াত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in