প্ৰশ্নকাকত ফাদিলঃ সকলো ব্যস্ত ক্লিনশ্বীট দিয়াত...

বছৰযোৰা প্ৰস্তুতিৰ পিছতো বিজ্ঞান আৰু অসমীয়াৰ পৰীক্ষা দিয়াৰ পৰা বিৰত থাকিব লগা হ’ল ছাত্ৰ-ছাত্ৰী। শিক্ষাৰ্থীসকলে দুয়োটা পৰীক্ষাৰ নিৰ্ধাৰিত দিনৰ পূৰ্বে আগনিশা পৰীক্ষা বাতিলৰ দৰে খবৰ লাভ কৰিলে ।
সকলো ব্যস্ত ক্লিনশ্বীট দিয়াত...
সকলো ব্যস্ত ক্লিনশ্বীট দিয়াত...

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে দুখনকৈ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত দুটাকৈ পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ’ল ।

বছৰযোৰা প্ৰস্তুতিৰ পিছতো বিজ্ঞান আৰু অসমীয়াৰ পৰীক্ষা দিয়াৰ পৰা বিৰত থাকিব লগা হ’ল ছাত্ৰ-ছাত্ৰী। শিক্ষাৰ্থীসকলে দুয়োটা পৰীক্ষাৰ নিৰ্ধাৰিত দিনৰ পূৰ্বে আগনিশা পৰীক্ষা বাতিলৰ দৰে খবৰ লাভ কৰিলে ।

যাৰ ফলত উজনিৰ পৰা নামনিলৈ সৰ্বত্ৰে এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে । প্ৰতিবাদকাৰীয়ে শিক্ষামন্ত্ৰীকে ধৰি ছেবাৰ শীৰ্ষ বিষয়াৰ পদত্যাগৰ দাবী তুলিছে। ক্ষোভিত ছাত্ৰ-ছাত্ৰীৰ লগতে সচেতন জনতাৰ এনে প্ৰতিবাদৰ মাজতে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

তেওঁ কৈছে যে পদত্যাগৰ কথা কোৱাৰ আগতে মোৰ ভুল দেখুৱাই দিয়ক ৷ মোৰ ভুল ক’ত হৈছে মই জানিব লাগিব ৷ মোৰ কাম হৈছে ভালকৈ প্ৰশ্নকাকত পৰীক্ষা কৰা, পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্ন আহিছে নাইবা প্ৰশ্ন ছপা কৰাত ভুল হলে তেতিয়া মই দায়িত্ব ল’ব লাগিব ৷ প্ৰশ্নকাকত থানাত দিয়ালৈকে মোৰ দায়িত্ব শেষ ৷

ইপিনে শিক্ষান্ত্ৰীগৰাকীয়েও শেহতীয়াকৈ মন্তব্য প্ৰদান কৰে যে ৰক্ষকেই যদিহে ভক্ষক হ’য় এনে কাৰ্য হ’বই ৷ ইয়াৰ উপৰিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ছেবাৰ গাত দোষ নাই, দোষ শিক্ষকৰ বুলি মন্তব্য কৰিছে ৷

কি মুখ্যমন্ত্ৰী, কি শিক্ষামন্ত্ৰী, কি ছেবাৰ শীৰ্ষ বিষয়া সকলোৱে এতিয়া বিষয়টোকলৈ ক্লিনশ্বীট দিয়াত ব্যস্ত হৈ পৰিছে ৷ তাৰ মাজতে বিমুখ হ’বলগীয়া হৈছে শিক্ষাৰ্থী ৷ দুবাৰকৈ হতাশ হোবা ছাত্ৰ-ছাত্ৰীক সূচাৰুৰূপে পৰৱৰ্তী পৰীক্ষাসমূহ অনিষ্ঠিত কৰি কিদৰে পৰীক্ষাৰ্থীৰ হেৰুৱা বিশ্বাস ছেবাই ঘূৰাই আনিবলৈ প্ৰয়াস কৰে সেয়া হ’ব লক্ষণীয় ৷

সকলো ব্যস্ত ক্লিনশ্বীট দিয়াত...
কাৰ মানসিকতা বিঘ্নিত হৈছে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in