আদালতে দিলে অনুমতিঃ চৰ্ত সাপেক্ষে অসুস্থ পত্নীক সাক্ষাৎ কৰিব পাৰিব মনীষ চিছোদিয়াই

আদালতে দিলে অনুমতিঃ চৰ্ত সাপেক্ষে অসুস্থ পত্নীক সাক্ষাৎ কৰিব পাৰিব মনীষ চিছোদিয়াই
Published on
Updated on

ডিজিটেল ডেস্কঃ দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক তেওঁৰ অসুস্থ পত্নীক লগ কৰিবলৈ অনুমতি দিয়ে। জানিব পৰা মতে আদালতে মনীষ চিছোদিয়াক পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ পত্নীক সাক্ষাৎ কৰাৰ অনুমতি দিছে। অৱশ্যে এই সময়চোৱাত তেওঁ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰিব নোৱাৰিব।

সংবাদ মাধ্যমৰ সৈতে মত বিনিময় নকৰা আৰু ৰাজনৈতিক কাম-কাজত ভাগ নোলোৱাৰ চৰ্তত চিছোদিয়াক এই অনুমতি প্ৰদান কৰে আদালতে।

উল্লেখ্য যে, সুৰা কেলেংকাৰীৰ অভিযোগত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান জেলত আছে। সুৰা নীতিৰ সন্দৰ্ভত ধন কেলেংকাৰীৰ অভিযোগ উচ্চতম ন্য়ায়ালয়েও চিছোদিয়াক জামিন আবেদন নাকচ কৰিছে।

প্ৰথমে ২৬ ফেব্ৰুৱাৰীত চিছোদিয়াক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰ পৰা তেওঁ কাৰাগাৰত আছে। মাৰ্চত পুনৰ তেওঁক ইডিয়ে গ্ৰেপ্তাৰ কৰে। বৰ্তমান দুয়োটা কেন্দ্ৰীয় সংস্থাই এই গোচৰত তদন্ত কৰি আছে। ২৮ ফেব্ৰুৱাৰীত চিছোদিয়াই পদত্যাগ কৰিছিল।

আদালতে দিলে অনুমতিঃ চৰ্ত সাপেক্ষে অসুস্থ পত্নীক সাক্ষাৎ কৰিব পাৰিব মনীষ চিছোদিয়াই
মিছন বসুন্ধৰাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে বোকাখাতত উত্তাল প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in