মিছন বসুন্ধৰাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে বোকাখাতত উত্তাল প্ৰতিবাদ

মিছন বসুন্ধৰাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে বোকাখাতত উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, কাজিৰঙাঃ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে সকলো থলুৱা লোকক ম্যাদি পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন কৰাত শুকুৰবাৰে বোকাখাতৰ শ শ জনতাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

মিছন বসুন্ধৰাৰ যোগেদি সকলো চৰকাৰী ভূমি আবণ্টনৰ স্থায়ী সমাধান কৰাৰ কথা আছিল। সেই অনুসৰি সকলো শ্ৰেনী নাগৰিকে মাহৰ পিছত মাহ ধৰি অনলাইন প্ৰক্ৰিয়াৰে আবেদন কৰা সম্পন্ন কৰিছিল। কিন্তু শেহতীয়াকৈ মিছন বসুন্ধৰাৰ আবেদন সমূহৰ প্ৰায় ৮০-৯০ শতাংশ নাকচ হোৱাৰ ঘটনা চৰকাৰীভাৱেই উন্মোচিত হৈছে ।

ইয়াৰ পৰিপ্ৰেক্ষিততে আজি দিনৰ ১১ বজাত বোকাখাতৰ অন্তৰ্গত আমটেঙা বালিজানৰ আদৰ্শ মিচিং গাঁৱৰ ৰাইজে মিচন বসুন্ধৰাৰ চৰকাৰী প্ৰবঞ্চনাৰ বিৰুদ্ধে বোকাখাত ৰাজহ চক্ৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত প্ৰতিবাদস্থলীৰ পৰাই ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মাননীয় মুখ্যমন্ত্রী মহোদয় অসম চৰকাৰলৈ বুলি ৰাজহুৱা স্মাৰক পত্ৰ প্ৰদান কৰে।

ৰাজহুৱা স্মাৰক পত্ৰ খনি পাঠ কৰে বালিজান আদৰ্শ মিচিং গাঁৱৰ সক্ৰিয় কৰ্মী তথা জীপাল কৃষক শ্ৰমিক সংঘৰ মুখপাত্ৰ প্ৰবীণ পেগুৱে । ইয়াৰ উপৰিও আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সহযোগ প্ৰদান কৰা সংগঠন সমূহ ক্ৰমে ট্ৰাইবেল সংঘ,টি এম পি কে,এম এম কে , জীপাল কৃষক শ্ৰমিক সংঘ। এইদৰে পৃথকে পৃথকে ট্ৰাইবেল সংঘৰ তৰফৰ পৰা তপণ কুটুম,টি এম পিকেৰ বিমান লইং, এম এম কেৰ উপেন বড়িয়ে সাংগঠণিক স্মাৰক পত্ৰ প্ৰদান আৰু পাঠ কৰি দিয়ে।

আনহাতেদি জীপালৰ উপদেষ্টা সোনেশ্বৰ নৰহ আৰু মুককৰ কৰ্ণধাৰ বিজু পেগুৱে আঁতধৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় এম এম কেৰ জিলা সভাপতি মনেশ্বৰ কুটুম,টি এম পি কেৰ জিলা সভাপতি জিতু বড়ি, ট্ৰাইবেল সংঘৰ হৈ দিগন্ত কুটুম আৰু ভৰত কুটুম আদিয়ে ।

থলুৱা নৃগোষ্ঠীক লোকক অগ্ৰাধিকাৰ ভিত্তিত ম্যাদি পট্টা প্ৰদান কৰিব লাগিবই। বিনা চৰ্তে ধনশিৰিৰ খহনীয়াগ্ৰস্ত লোক সকলৰ ভূমি পট্টা হ'ব লাগিবই,

মিছন বসুন্ধৰাৰ নামত প্ৰবঞ্চনা বন্ধ কৰক, শুনানী অবিহনে আবেদন নাকচ প্ৰক্ৰিয়া বন্ধ ৰাখক। মিছন বসুন্ধৰাৰ উৰ্ধত নৃগোষ্ঠীক ভূমি পট্টা প্ৰদান কৰক আদি উত্তাল শ্ল'গানেৰে বোকাখাত ৰাজহ চক্ৰ কাৰ্যালয়ত স্থানীয় ৰাইজে আকাশ বতাহ মুখৰিত কৰে।

উল্লেখযোগ্য যে গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ দক্ষিণ কাজিৰঙা গাঁও, পঞ্চায়তৰ অন্তৰ্গত ১নং, ২নং বালিজান মিচিং গাৱৰ ৪৬ বছৰে বসবাস কৰি থকা ৰাইজে ১০০% অনুসূচিত জনজাতি ST(P) মিচিং সম্প্ৰদায়ৰ লোক । ১৯৭৭ চনত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াত ভেটি-মাটি হেৰুৱাত ধনশিৰিদুখৰ পৰা প্ৰাক্তন তদানীন্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই বিশেষ সিদ্ধান্ত লৈছিল। বৰ্তমান বসতি কৰি থকা দাগ নং ১০৪.৪০৭ ৰ মধ্য ১৮৯ বিঘা ১ কঠা ১১ লোচা ভূমিত বসবাস ও সংস্থাপনৰ ব্যৱস্থা কৰি দিয়াৰ লগতে ১৯৮৪-৮৫ চনৰ নিম্নতম চাহিদা আঁচনি (কাঠ) ৰ অধীনত ৭৫ টা পৰিয়ালক, সেই সময়ৰ অসম চৰকাৰে আৱণ্টন পাট্টা প্ৰদান কৰে । কিন্তু বাকী ১০৭ টা পৰিয়ালক আবণ্টন পট্টা দিবলৈ থাকি যায়।

এই সতে বিভাগীয় কাৰ্য্যালয়ত তেতিয়াৰে পৰা আবণ্টন আৰু ম্যাদি পটা বিছাৰি আবেদন কৰি অহা সত্ত্বেও ইয়াৰ থলুৱা ৰাইজে আজি পৰ্য্যন্ত মাটিৰ পটা লাভ কৰা নাই। সেই পৰিয়াল সমূহ বৃদ্ধি হৈ বৰ্তমান ৫৮৫ টা পৰিয়াল হল। যোৱা ইং ১৯- ০২-২০২২ তাৰিখে ৰাজহ আৰু আকস্মিক দূর্ঘটনা ব্যৱস্থাপনা বিভাগৰ SADBHAVANA পটেলত পঞ্জিয়ন কৰা হয়।

পৃ. নং- SDB / GOVAS/1/2022/01656. বিগত বৰ্ষৰ 20-04-2022 তাৰিখে বোকাখাত ৰাজাহ বিভাগৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। ৰাজহ বিষয়াই স্মাৰক পত্ৰ গ্ৰহণ কৰি বসুন্ধৰা ২.০ পৰ্টেলত আবেদন কৰিবলৈ কয়। পৰিতাপৰ বিষয় যে ২০১১ চনৰ আগৰ চৰকাৰী নথি জমা দি আবেদন কৰা সত্বেও আবেদন সমূহ নাকচ কৰা পৰিলক্ষিত হয়।

ইয়াৰ বিৰুদ্ধে ক্ষোভিত জনসাধাৰনে কৰা এই দাবী নিশ্চিত সমাধানৰ ১ নং বালিজান আৰু মিচিং গাওঁৰ জনসাধাৰনে আগন্তুক দিনবোৰত ব্যাপক গণ আন্দোলনৰ লগতে আজীবন আমৰণ অনশন কাৰ্য্যসূচী ৰূপায়ন কৰা হব বুলিও স্মাৰক পত্ৰত উল্লেখ কৰে।

১৯৭৭ চনৰ পৰা বসবাস কৰি থকা ১নং আৰু ২নং বালিজান আদর্শ মিচিং গাওঁৰ লোকসকলক নীতি মতে ম্যাদি পট্টা দিয়াৰ দাবী সম্বলিত স্মাৰক পত্ৰখনিৰ প্রতিলিপি গোলাঘাট জিলা উপায়ুক্ত, বোকাখাত মহকুমাধিপতি, ৰাজহ মন্ত্ৰীলৈ প্ৰেৰণৰ প্ৰস্তাৱ ৰাখিছে।

মিছন বসুন্ধৰাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে বোকাখাতত উত্তাল প্ৰতিবাদ
নগাঁও কংগ্ৰেছত ধুমুহা! সভাপতি সুৰেশ বৰাৰ পদত্যাগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in