মাজুলীৰ দাম্বুকিয়ালত উত্তপ্ত পৰিস্থিতি, আৰক্ষী আৰু একাংশ লোকৰ মাজত সংঘাত...

শূন্যলৈ গুলি ফুটাই ৰাইজৰ ৰোষৰ পৰা যুৱকক উদ্ধাৰ কৰিলে আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
মাজুলীৰ দাম্বুকিয়ালত উত্তপ্ত পৰিস্থিতি, আৰক্ষী আৰু একাংশ লোকৰ মাজত সংঘাত...

ডিজিটেল সংবাদ, মাজুলী : মাজুলীৰ ফুলনি দাম্বুকিয়ালত শনিবাৰে নিশা এহাল যুৱক-যুৱতীক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মৰলীয়া গাঁৱৰ নিবাসী স্বৰ্গীয় উমাৰাম দলেৰ প্ৰথম পুত্ৰ চিৰঞ্জিত দ'লে (১৮)ই মাজুলী ফুলনি দাম্বুকিয়াল গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে এখন দোকানত আছিল।

Advertisment

এই দোকানৰ পৰা ওলাই নহাত স্থানীয় লোকে আগবাঢ়ি আহি দুয়োকে উলিয়াই আনে। ইয়াৰ পিছত এখন সভা অনুষ্ঠিত কৰে স্থানীয় লোকে। স্থানীয় গাঁওৰক্ষী বাহিনীৰ লোকে পৰিস্থিতিৰ উমান পাই জেংৰাইমুখ আৰক্ষীক খৱৰ দিয়ে। সেইমতে জেংৰাইমুখ আৰক্ষী থানাৰ আৰক্ষীৰ দল ঘটনা স্থলীত উপস্থিত হয়।

আৰক্ষী বিষয়া দিলীপ কুমাৰ চুতীয়াৰ নেতৃত্বত যোৱা আৰক্ষী দলে দাম্বুকিয়াল গাঁৱত উপস্থিত হৈ ৰাইজৰ ৰোষত পৰা চিৰঞ্জিত দলেক জিন্মাৎ লবলৈ লওতে স্থানীয় লোকে আৰক্ষীৰ লগত তৰ্ক যুদ্ধত অৱতীৰ্ণ হয়। তদুপৰি একাংশ উদণ্ড যুৱকে আক্ৰমণৰ ঘটনাত আৰক্ষী বিষয়াসহ গাড়ী ক্ষতিসাধন হয়।

Assam police