লেতেৰা ৰাজনীতি! আজি আদালতত হাজিৰ কৰোৱা হ'ব দিল্লীৰ উপ-মুখ্যমন্ত্ৰীক

সুৰা কেলেংকাৰীৰ অভিযোগত দেওবাৰে গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিচ'দিয়া।

author-image
Asomiya Pratidin
New Update
হিমন্ত বিশ্ব শৰ্মাৰ মানহানিৰ গোচৰ! উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মনীষ ছিচোদিয়াৰ আবেদন

manish sisodia

ডিজিটেল ডেস্ক: সুৰা কেলেংকাৰীৰ অভিযোগত দেওবাৰে গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিচ'দিয়া। তেওঁক গ্ৰেপ্তাৰৰ পাছতেই আপে সোমবাৰে ৰাজ্যজুৰি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে। আজি আদালতত হাজিৰ কৰোৱা হ'ব ছিচ'দিয়াক। গ্ৰেপ্তাৰৰ নিশাটো চিবিআইৰ মুখ্য কাৰ্যালয়তে কটাই ছিচ'দিয়া।

Advertisment

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চিছোদিয়াক গ্ৰেপ্তাৰ কৰাটো "লেতেৰা ৰাজনীতি" বুলি অভিহিত কৰিছে । লগতে কৈছে যে জনতাই ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব।

দিল্লী আৰক্ষীয়ে ৰাজধানীৰ কেইবাটাও অংশত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰিছে। আনহাতে আজি চিবিআইৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত আম আদমী পাৰ্টিৰ কৰ্মী আৰু সমৰ্থক একত্ৰিত হোৱাৰ সম্ভাৱনা আছে।

আপে আজি দুপৰীয়া ভাগতদীন দয়াল উপাধ্যায় মাৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা কৰিছে। গতিকে আদালতত হাজিৰ কৰোৱাৰ পাছত আদলতে কি নিৰ্দেশনা জাৰি কৰে সেয়া হ'ব লক্ষণীয়।

Also Read: জাতিক লৈ ৰেগিং, আত্মহত্যাৰ চেষ্টা, পাছত মৃত্যু চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ

protest aap manish sisodia