সুৰা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিচ'দিয়া

প্ৰায় ৮ ঘন্টা ধৰি চলা জেৰাৰ অন্তত দেওবাৰে গ্ৰেপ্তাৰ হ'ল দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ ছিচদিয়া। সুৰা কেলেংকাৰীৰ অভিযোগত ছিচদিয়াক গ্ৰেপ্তাৰ কৰে চিবিআইয়ে।

author-image
Asomiya Pratidin
New Update
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়া কোভিড পজিটিভ…

ডিজিটেল ডেস্ক: প্ৰায় ৮ ঘন্টা ধৰি চলা জেৰাৰ অন্তত দেওবাৰে গ্ৰেপ্তাৰ হ'ল দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ ছিচদিয়া। সুৰা কেলেংকাৰীৰ অভিযোগত ছিচদিয়াক গ্ৰেপ্তাৰ কৰে চিবিআইয়ে। আজি পুৱাৰে পৰা জেৰা চলোৱা হৈছিল উপ মুখ্যমন্ত্ৰী গৰাকীক।

Advertisment

ইয়াৰ পূৰ্বে ছিচদিয়াই কৈছিল যে তেওঁ কাৰাগাৰলৈ যাবলৈ সাজু। তেতিয়াই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালে কৈছিল যে ছিচদিয়াৰ পৰিয়ালৰ চোৱা-চিতাৰ দায়িত্ব তেওঁ ল'ব।

চিবিআইৰ জেৰাৰ বাবে যোৱাৰ পূৰ্বে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে, চিবিআইৰ লগত তেওঁ সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। লাখ লাখ শিশুৰ মৰম আৰু কোটি কোটি দেশবাসীৰ আশীৰ্বাদ লগত আছে।

লগতে কৈছিল যে, মই কেইমাহমান কাৰাগাৰত থাকিব লগা হ'লে গুৰুত্ব নিদিওঁ। মই ভগত সিঙৰ অনুগামী যাক দেশৰ বাবে ফাঁচী দিয়া হৈছিল। এনে মিছা অভিযোগৰ বাবে কাৰাগাৰলৈ যোৱাটো এটা সৰু কথা।

Also Read: প্ৰথমে বিদ্যুৎ সংযোগ, তাৰ পাছত পত্নী-পুত্ৰই মিলি মৰিয়াই মৰিয়াই হত্যা কৰিলে সৰুৰামক

manish sisodia cbi