প্ৰথমে বিদ্যুৎ সংযোগ, তাৰ পাছত পত্নী-পুত্ৰই মিলি মৰিয়াই মৰিয়াই হত্যা কৰিলে সৰুৰামক

ওদালগুৰিৰ হাতীবন্ধাত ভয়ংকৰ কাণ্ড। এক নৃশংস হত্যাকাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ। ২৬ ফেব্ৰুৱাৰীত পোহৰলৈ আহে এই সমগ্ৰ ঘটনা।

author-image
Asomiya Pratidin
New Update
প্ৰথমে বিদ্যুৎ সংযোগ, তাৰ পাছত পত্নী-পুত্ৰই মিলি মৰিয়াই মৰিয়াই হত্যা কৰিলে সৰুৰামক

ডিজিটেল ডেস্ক: ওদালগুৰিৰ হাতীবন্ধাত ভয়ংকৰ কাণ্ড। এক নৃশংস হত্যাকাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ। ২৬ ফেব্ৰুৱাৰীত পোহৰলৈ আহে এই সমগ্ৰ ঘটনা।

Advertisment

অভিযোগ অনুসৰি পত্নী-পুত্রই হত্যা কৰি পেলাই দিছিল লোকজনক। হত্যাৰ বলি হোৱা লোকজনৰ নাম সৰুৰাম নাথ।

শিৱ লম্ভাৰ অভিযোগত পত্নী-পুত্ৰ মিন্টু নাথে মিলি হত্যা কৰে সৰুৰামক। পত্নীয়ে জনাই যে তেওঁলোকৰ সন্মুখত ব্যতিক্রমী আচৰণ কৰিছিল সৰুৰামে। তাৰ পাছতেই ক্ষোভিত পত্নী-পুত্রই সৰুৰামৰ দেহত কৰিছিল বিদ্যুৎ সংযোগ।

ইমানতেই ক্ষান্ত নাথাকি দুয়ো বিদ্যুৎ সংযোগৰ অন্তত লাঠিৰে কৰা কৰিছিল সৰুৰামক। তাৰ পাছতে নিশাই মৃত্যু হোৱা লোকজনক পেলাই দিছিল নলাত। শিৱৰাত্রিৰ নিশা সংঘটিত হৈছিল এই সমগ্ৰ ঘটনা।

বহু দিন এই ঘটনা পোহৰলৈ অহা নাছিল। ২৩ ফেব্ৰুৱাৰীত নলাৰ পৰা উদ্ধাৰ হৈছিল এটা মৃতদেহ। প্ৰথম অৱস্থাত চিনাক্ত হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত সেইটো সৰুৰামৰ মৃতদেহ বুলি চিনাক্ত হয়। তাৰ পাছতেই আজি গ্ৰেপ্তাৰ হয় পত্নী আৰু পুত্ৰ। 

Also Read: ''ডিম্বেশ্বৰ মুছাহাৰীক নহয় মোকো বধ কৰক'' নগাঁৱত প্ৰতিবাদ

crime Assam police