প্ৰতিবাদী সমদললৈ ভয় মণিপুৰ চৰকাৰৰঃ শিথিল নকৰে কাৰফিউ...

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ হিংসাত্মক পৰিস্থিতিৰে জৰ্জৰিত মণিপুৰত অব্যাহত আছে প্ৰশাসনৰ নিষেধাজ্ঞা। মণিপুৰ চৰকাৰে বুধবাৰৰ বাবে মেইটেই আৰু কুকি জনজাতিৰ অধ্যুষিত জিলাসমূহত পুৱাৰ পৰা কাৰফিউ শিথিল কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ কথা সদৰী কৰিলে সংবাদ মাধ্যমক।

উল্লেখ্য মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ অধ্যক্ষতাত মঙলবাৰৰ নিশা এক উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰখনে। ইম্ফল চহৰৰ মুখ্য বজাৰৰ মহিলাসকলক প্ৰতিনিধিত্ব কৰা 'Kwairamband Ima Keithel Joint Coordinating Committee for Peace' নামৰ সংগঠনটোৱে বুধবাৰে ইম্ফলত এক বিশাল প্ৰতিবাদী সমদল আহ্বান কৰাৰ বাবেই কাৰফিউ শিথিল কৰাৰ সিদ্ধান্ত বাতিল কৰে চৰকাৰখনে।

আনহাতে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ ২-ৰ ৭২ ঘণ্টীয়া বন্ধ বুধবাৰে তৃতীয় দিনত প্ৰৱেশ কৰিছে। বিগত দিনকেইটাত কাংপোকি জিলাত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ বিপৰীতে ইম্ফল আৰু বিষ্ণুপুৰ-চিৰাচন্দপুৰ জিলাৰ টৰবুঙৰ সীমান্তৱৰ্তী কাংপোকপিৰ ফেইলেঙত পৰিস্থিতি উত্তেজনাপূৰ্ণ হয়। উক্ত অঞ্চলটোত গুলীচালনা আৰু অগ্নিসংযোগৰ ঘটনা সংঘটিত হোৱাৰ কথাও প্ৰকাশ পাইছে সংবাদ মাধ্যমত।

ইপিনে মঙলবাৰে ইম্ফল পশ্চিমৰ কোৱাকিথেল অঞ্চলত কৰ্তব্যৰত এজন আইপিএছ বিষয়াৰ বাহনত জনতাই জুই লগোৱাৰ ঘটনাৰে জড়িত কমেও ৩০ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তদুপৰি একেখন জিলাতেই ৰেপিড একচন ফ'ৰ্চৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত আহত হয় ১৯ গৰাকীকৈ মহিলা। যাৰ বাবে নিৰাপত্তাবাহিনীয়ে জনতাক ছত্ৰভঙ্গ দিবলৈ কন্দুৱা গেছ ব্যৱহাৰ কৰিছিল।

উল্লেখ্য যে, মেইটেই-কুকি সম্প্ৰদায়ৰ মাজত হোৱা জাতিগত হিংসাৰ মাজতে জনগোষ্ঠী দুটাৰ নেতাসকলে মঙলবাৰে সম্প্ৰদায় দুটাৰ মাজত হোৱা ভুল বুজাবুজি সমাধানৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে।

প্ৰতীকি ফটো
মিজোৰামৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ৬ হাজাৰৰো অধিক ব্ৰু জনগোষ্ঠীয় লোকৰ নাম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in