
ডিজিটেল ডেস্কঃ মণিপুৰত পুনৰ অৱৰোধ হ’ব ২নং ৰাষ্ট্রীয় ঘাইপথ। জনজাতি ঐক্য সমিতি (CoTU)ৰ হুংকাৰৰ পিছতেই এই আশংকাৰ কথা প্ৰকাশ সংগঠনটোৰ সাধাৰণ সম্পাদকৰ।
ভাইৰেল ভিডিঅ’ত দেখা পোৱা আটাইকে ৪৮ ঘণ্টাৰ ভিতৰত গ্রেপ্তাৰৰ দাবী জনাইছিল সংগঠনটোৱে। পিছে সংগঠনটোৱে বান্ধি দিয়া সময়সীমাৰ ম্যাদ শেষ হোৱাত এই সিদ্ধান্ত গ্ৰহণ সংগঠনটোৰ।
সংগঠনটোৰ অহা ২৪ জুলাইৰ পৰা মণিপুৰৰ চৈকুলত ধাৰাবাহিক আন্দোলনৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। এই কথা জনাইছে সংগঠনটোৰ সাধাৰণ সম্পাদক লামিনলুন ছিংছিটে।