
ডিজিটেল ডেস্কঃ অসম আৰক্ষীত পুনৰ আন এজন ভাৰপ্ৰাপ্ত বিষয়াক ৰিজাৰ্ভ ক্ল’জ। এইবাৰ হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ৰিজাৰ্ভ ক্ল’জ বিভাগীয় কৰ্তৃপক্ষৰ। এক জাননী যোগে এই নিৰ্দেশনা জাৰি কৰিছে অসম আৰক্ষীৰ বৰপেটা জিলা আৰক্ষী অধীক্ষকে।
থানাখনৰ ভাৰপ্রাপ্ত বিষয়া গোপাল বৰাক এই ৰিজাৰ্ভ ক্ল’জৰ নিৰ্দেশ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে। অপৰাধীৰ সৈতে গোপন মিতিৰালিৰ অভিযোগত এই নিৰ্দেশনা বিষয়াগৰাকীলৈ।