/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4a8e7500-3421-4476-b991-05c1421d9b18/Mizoram_copy.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ, বেকাজানঃ মণিপুৰত হিংসাৰ বিৰুদ্ধে মিজো সংগঠনে ৰাজ্যজুৰি প্ৰতিবাদ কৰাৰ পূৰ্বে আৰু প্ৰাক্তন উগ্ৰপন্থী সংগঠনৰ বিবৃতিৰ পিছত মেইটেইছে ৰাজ্য এৰি যোৱাৰ খবৰৰ মাজতে দেওবাৰে সমগ্ৰ মিজোৰামত নিৰাপত্তা অধিক শক্তিশালী কৰা হয়। দেওবাৰে তিনিখন বিমানেৰে ৭৮জন লোকে মণিপুৰলৈ যোৱাৰ বিপৰীতে শনিবাৰে ৬৫জন লোকে চুবুৰীয়া ৰাজ্যখনলৈ যাত্ৰা কৰে।
কিন্তু এই লোকসকলৰ ভিতৰত কিমানজন নিয়মীয়া যাত্ৰী আছিল, আৰু কিমানজনে ভয়ত পলায়ন কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কাৰণ উক্ত বিমান পূৰ্ব নিৰ্ধাৰিত বাণিজ্যিক বিমান আছিল বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথত প্ৰতিবাদ কৰাৰ ভিডিঅ’ ভাইৰেলৰ পিছত প্ৰাক্তন উগ্ৰপন্থী সংগঠনটোৱে সমাজখনক ৰাজ্য এৰি যাবলৈ কোৱাৰ পিছতে মিজোৰামৰ আন ৪১জন মেইটেই লোকে পথেৰে অসমৰ কাছাৰ জিলালৈ যায় বুলিও জানিব পৰা গৈছে।
আনহাতে মণিপুৰৰ পৰা ৩১ জন মিজো ছাত্ৰ-ছাত্ৰী মিজোৰামলৈ উভতি যায়। চেণ্ট্ৰেল ইয়ং মিজো এছ’চিয়েচন (চি ৱাই এম এ) আৰু মিজো জিৰলাই পাউল (এম জে ডি পি)কে ধৰি পাঁচটা নাগৰিক সমাজ সংগঠনৰ সংঘবদ্ধ এন জি অ’ ক’-অৰ্ডিনেচন কমিটীয়ে মঙলবাৰে ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন কৰাৰ কথাও প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। ইপিনে মিজোৰামৰ আৰক্ষী সঞ্চালক প্ৰধান অনিল শুক্লাই দেওবাৰে নিৰাপত্তাৰ ব্যৱস্থাৰ মূল্যায়নৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মেইটেই লোকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহো পুনৰীক্ষণ কথা এই বৈঠকত আলোচনা কৰে।
শুক্লাই আৰক্ষী বিষয়াসকলক সকলো জিলাতে বিশেষকৈ দুৰ্বল অঞ্চলত সঠিকভাৱে নিয়োগ, তহল দিয়া, আৰু সতৰ্কতা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে যাতে কোনো ধৰণৰ অশুভ কাণ্ড পুনৰ সংঘটিত নহয়। তেওঁ কোনো ধৰণৰ অপ্ৰতিকৰ কাণ্ড সংঘটিত হ’লে ক্ষিপ্ৰ নিয়োগ সহজ কৰি তুলিব পৰাকৈ যান-বাহন আৰু বিষয়া থকা পৰ্যাপ্ত সংখ্যক সংৰক্ষিত বাহিনীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ডিজিপি আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াৰ এটা দলে এই বিক্ষোভ আয়োজন কৰা আইজলৰ স্থানসমূহো পৰিদৰ্শন কৰে।
প্ৰশাসনিক বিষয়াৰ লগতে ৰাজ্য আৰক্ষীয়ে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি এটা বিবৃতিটোত উল্লেখ কৰে বিভাগটোৱে। মিজোৰামৰ বিভিন্ন প্ৰান্তত বসবাস কৰা মণিপুৰী লোকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে জ্যেষ্ঠ বিষয়া আৰু আৰক্ষী জোৱানসকলে কাম কৰি আছে বুলিও জানিবলৈ দিয়ে। সকলো নাগৰিকক সুৰক্ষা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ আৰক্ষীয়ে নাগৰিক সমাজৰ সংগঠন, বেচৰকাৰী সংস্থা আৰু জনসাধাৰণকো শান্তি বজাই ৰখাত সহায় কৰিবলৈ আহ্বান জনায়।
Also Read: মহানগৰীত ভয়ংকৰ ঘটনাঃ দুৰ্বৃত্তই জ্বলাই দিলে চাৰিখনকৈ বাহন...