মণিপুৰৰ হিংসাত্মক পৰিস্থিতিকলৈ প্ৰধানমন্ত্ৰীৰে আলোচনা অমিত শ্বাহৰ...

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিত আলোচনা

author-image
Asomiya Pratidin
New Update
মণিপুৰৰ হিংসাত্মক পৰিস্থিতিকলৈ প্ৰধানমন্ত্ৰীৰে আলোচনা অমিত শ্বাহৰ...

ডিজিটেল সংবাদ, বেকাজানঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি মণিপুৰত চলি থকা শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। শনিবাৰে মণিপুৰ সংকটৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত বিৰোধী দলসমূহে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাজ্য চৰকাৰক সমালোচনা কৰি মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগ দাবী কৰাৰ পিছত এই বৈঠক অনুষ্ঠিত হৈছে।

Advertisment

বিৰোধী দলসমূহৰ দাবীৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা এই আলোচনা বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। হিংসাত্মক কাৰ্য ৰোধ কৰিবলৈ ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰী বীৰেন চৰকাৰৰ প্ৰতি মণিপুৰৰ জনসাধাৰণে আস্থা আৰু বিশ্বাস হেৰুৱাই পেলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথম দিনাৰ পৰাই হিংসাৰে জুৰুলা মণিপুৰৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু সমাধানৰ বাবে পূৰ্ণ সংবেদনশীলতাৰে আমাক পথ প্ৰদৰ্শন কৰি আহিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আয়োজন কৰা সৰ্বদলীয় বৈঠকত উপস্থিত থকাৰ সময়তে বিৰোধী সাংসদসকলে ৰাজ্যখনলৈ সকলো দলৰ প্ৰতিনিধিৰে গঠিত এটা প্ৰতিনিধি দল প্ৰেৰণ কৰি শান্তি আলোচনা আৰম্ভ কৰিবলৈ আৰু তাত সংঘটিত অপৰাধৰ খবৰ ৰাখিবলৈ এখন আয়োগ গঠন কৰিবলৈ আহ্বান জনায়। বিশেষকৈ মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত কৰা অপৰাধ ক্ষেত্ৰত এই আয়োগ গঠন কৰা হৈছে।

উল্লেখযোগ্য যে, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল। আৰু মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত অৱগত কৰে।

Also Read: সংকটজনক অৱস্থাত চিকিৎসাধীন মনজিৎ মহন্ত...

Govt of India