সংকটজনক অৱস্থাত চিকিৎসাধীন মনজিৎ মহন্ত...

এসময়ৰ অসম আন্দোলনৰ পৰা মানৱ অধিকাৰ আন্দোলনৰ লৈকে জড়িত থকা মনজিৎ মহন্ত বিগত কিছুদিন ধৰি অসুস্থ অৱস্থাত আছে।

author-image
Asomiya Pratidin
New Update
জি এম চি এইছত শেষ নিশ্বাস ত্যাগ কৰিলে মনজিৎ মহন্তই...

ডিজিটেল ডেস্ক : গুৰুতৰভাবে অসুস্থ মনজিৎমহন্ত। এসময়ৰ অসম আন্দোলনৰ পৰা মানৱ অধিকাৰ আন্দোলনৰ লৈকে জড়িত থকা মনজিৎমহন্ত বিগত কিছুদিন ধৰি অসুস্থ অৱস্থাত আছে। অসমীয়া প্ৰতিদিনৰ জন্মলগ্নৰে পৰা জড়িত থকা মনজিৎমহন্ত ১৯৯৯ চনৰ পৰা প্ৰায় এক দশক কাল অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।

ইয়াৰ পাছতেই তেওঁ আনুষ্ঠানিক ভাবে সাংবাদিকতা ত্যাগ কৰি ৰাজনৈতিক পথাৰত জড়িত হৈ পৰিছিল। কংগ্ৰেছৰ সংবাদ মাধ্যম গোটৰ আহ্বায়ক হিচাবে যোগদান কৰা মহন্তই দীৰ্ঘদিন ধৰি ৰাজনৈতিক ক্ষেত্ৰত নিজা অৱদান আগবঢ়ায়।

বিগত ৬ মাহ ধৰি স্নায়ুজনিত ৰোগত অসুস্থ হৈ থকা মনজিৎমহন্তৰ যোৱা এসপ্তাহত স্বাস্থ্যৰ অৱনতি ঘটে। সোমবাৰে পুৱা গুৰুতৰভাবে অসুস্থ হৈ পৰা মনজিৎমহন্তক নেমকেয়াৰ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয়।

সোমবাৰে সন্ধিয়া অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৰ্য্য হাজৰিকাসহ একাংশ সাংবাদিকৰ লগতে বিভিন্ন দল সংগঠনৰ সদস্যই চিকিৎসালয়খনলৈ গৈ মহন্তৰ স্বাস্থ্যৰ বুজ লয়। অৱশ্যে সংকটজনক অৱস্থাত আই চি ইউত থকা মহন্তক সাক্ষাৎ কৰি প্ৰত্যক্ষ ভাবে কথা পতাৰ ক্ষেত্ৰত চিকিৎসকৰ বাধা আছিল। এই সন্দৰ্ভত চিকিৎসালয়ৰ সূত্ৰৰ মতে তেওঁৰ বৰ্তমানৰ স্থিতি কিছু সুস্থিৰ যদিও অতিকে উদ্বেগজনক।

Also Read: তাচপাতৰ দৰে খহিল চিৰাঙৰ ২কোটি টকীয়া জলসিঞ্চন প্ৰকল্প...

Assam Pradesh Congress Commitee