মণিপুৰত জ্বলা জুইৰ ফিৰিঙতি পৰিছেগৈ দিল্লীতঃ আৰম্ভ হৈছে আক্ৰমণ !

মণিপুৰত জ্বলা জুইৰ ফিৰিঙতি পৰিছেগৈ দিল্লীতঃ আৰম্ভ হৈছে আক্ৰমণ !
মণিপুৰত জ্বলা জুইৰ ফিৰিঙতি পৰিছেগৈ দিল্লীতঃ আৰম্ভ হৈছে আক্ৰমণ !

ডিজিটেল ডেস্কঃ মণিপুৰত হিংসাত্মক ঘটনাৰ প্ৰকোপ কিছু পৰিমাণে হ্ৰাস হৈছে যদিও ইয়াৰ প্ৰভাৱ এতিয়াও দূৰ হোৱা নাই। মণিপুৰত আৰম্ভ হোৱা এই সংঘাত চুবুৰীয়া ৰাজ্যলৈ বিয়পি পৰাৰ পিছত এইবাৰ ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হ’ল ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত।

অগ্নিকুণ্ডলৈ পৰিণত হোৱা মণিপুৰৰ জুইৰ ফিৰঙতি পৰিছেগৈ দিল্লীৰ মুখাৰ্জী নগৰত। প্ৰকাশিত খবৰ অনুসৰি মণিপুৰৰ ঘটনা সন্দৰ্ভত শুকুৰবাৰে মুখাৰ্জী নগৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি দাবী কৰিছে তেওঁলোকক নিশা মণিপুৰৰে আন এটা সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰিছে।

ঘটনাৰ বিৱৰণ অনুসৰি মণিপুৰৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি দিল্লীৰ বিজয় নগৰত এখন প্ৰাৰ্থনা সভা অনুষ্ঠিত হৈছিল। এই প্ৰাৰ্থনা সভাৰ পাছতে ইয়াত অংশগ্ৰহণ কৰা কেইবাগৰাকীও যুৱতীক তেওঁলোক থকা স্থানলৈ আগবঢ়াই থবলৈ গৈছিল কেইজনমান যুৱক।

তাৰ মাজতে পথৰ মাজত এটা প্ৰায় ২৫ জনীয়া যুৱকৰ দলে তেওঁলোকক আগভেটি ধৰে আৰু তেওঁলোকৰ পৰিচয় বিচাৰে। নিজৰ পৰিচয় দিবলৈ অসন্মত হোৱা এই যুৱক-যুৱতীৰ দলটোক উক্ত ২৫ জনীয়া যুৱকৰ দলটোৱে আক্ৰমণৰ চেষ্টা কৰে।

ঘটনাত কেইগৰাকীমান যুৱতী কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। জানিব পৰা মতে এই ২৫ জনীয়া আক্ৰমণকাৰী যুৱকৰ দলটো আছিল মেইটেই সম্প্ৰদায়ৰ। তেওঁলোকে দিল্লীৰ ৰাজপথত এই যুৱক-যুৱতীকেইগৰাকীক উদ্দেশ্যি কৈছিল, মণিপুৰত যিদৰে মেইটেইসকলৰ ওপৰত আক্ৰমণ হৈছে তেনেকৈ দিল্লীত তেওঁলোকৰ বিৰুদ্ধে আক্ৰমণ চলিব।

ঘটনা সন্দৰ্ভত ইতিমধ্য আৰক্ষীক লিখিত অভিযোগ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে পৰিস্থিতি অধিক অৱনতি ঘটাৰ পূৰ্বেই সুস্থিৰ কৰি ৰাখিবলৈ তদন্ত আৰম্ভ কৰিছে। অভিযুক্ত যুৱকৰ দলটোক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

উল্লেখ্য যে, মণিপুৰত মেইটেই সম্প্ৰদায়ৰ লোকসকলক এছ টি মৰ্যাদা প্ৰদান কৰাকলৈ কুকী ছাত্ৰ সন্থাই বাহিৰ কৰা এক প্ৰতিবাদী সমদলে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছতে সমগ্ৰ মণিপুৰ এক জ্বলন্ত অগ্নিকুণ্ডলৈ পৰিণত হৈছে। এই পৰ্যন্ত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে ১০০০ ৰো অধিক বাসগৃহ জ্বলাই দিয়া হৈছে।   

মণিপুৰত জ্বলা জুইৰ ফিৰিঙতি পৰিছেগৈ দিল্লীতঃ আৰম্ভ হৈছে আক্ৰমণ !
কংগ্ৰেছ সভাপতিক হত্যাৰ ষড়যন্ত্ৰ ৪০ৰো অধিক অপৰাধত অভিযুক্ত বিজেপি প্ৰাৰ্থীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in