কংগ্ৰেছ সভাপতিক হত্যাৰ ষড়যন্ত্ৰ ৪০ৰো অধিক অপৰাধত অভিযুক্ত বিজেপি প্ৰাৰ্থীৰ...

কংগ্ৰেছ সভাপতিক হত্যাৰ ষড়যন্ত্ৰ ৪০ৰো অধিক অপৰাধত অভিযুক্ত বিজেপি প্ৰাৰ্থীৰ...
কংগ্ৰেছ সভাপতিক হত্যাৰ ষড়যন্ত্ৰ ৪০ৰো অধিক অপৰাধত অভিযুক্ত বিজেপি প্ৰাৰ্থীৰ...

ডিজিটেল ডেস্কঃ সন্মুখত নিৰ্বাচন। কৰ্ণাটকত কোনে মাৰিব শেষ হাঁহি সেয়া এতিয়াই কোৱাটো সম্ভৱ নহয় যদিও শাসকীয় বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে।

তাৰ মাজতে ৰাজ্যখনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা এজন বিজেপি প্ৰাৰ্থীয়ে বিৰোধী কংগ্ৰেছৰ সভাপতি আৰু তেওঁৰ পৰিয়ালক হত্যাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ তথ্য পোহৰলৈ অহাত এতিয়া দেশজুৰি চাঞ্চল্য সৃষ্টি হৈছ। কংগ্ৰেছৰ সভাপতি মল্লীকাৰ্জুন খাৰ্গে আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে ৰচনা হৈছে এই ভয়ংকৰ ষড়যন্ত্ৰ।

এই সন্দৰ্ভত কংগ্ৰেছৰ নেতা ৰণদীপ সিং সুৰজেৱালাই এই গুৰুতৰ অভিযোগ উত্থাপন কৰি ইয়াৰ প্ৰমাণ হিচাপে এক অডিঅ’ ক্লিপ প্ৰচাৰ কৰিছে। তেওঁ দাবী কৰিছে এই অডিঅ’ ক্লিপটোৰ কণ্ঠস্বৰ চিত্তপুৰৰ বিজেপি প্ৰাৰ্থী মাণিকন্ত ৰাথোড়ৰ।

এই সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰি কয় যে, চিত্তপুৰৰ বিজেপি প্ৰাৰ্থীজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইৰ অতি প্ৰিয়। অডিঅ’ ক্লিপটোত মাণিকনন্তন ৰাথোড়ে মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ পৰিয়ালৰ সদস্যক হত্যা কৰিলে হয় বুলি উল্লেখ কৰিছে বুলি দাবী কৰিছে।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে উত্থাপিত হোৱা এই গুৰুতৰ অভিযোগক লৈ এতিয়া উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি। কংগ্ৰেছ বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰশ্ন কৰিছে।

তাৰোপৰি কংগ্ৰেছ নেতা পৱন খেৰাই এই ষড়যন্ত্ৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়ে দায়িত্ব স্বীকাৰ কৰিবনে বুলি প্ৰশ্ন কৰাৰ লগতে আৰক্ষী তথা নিৰ্বাচন আয়োগে কি ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে। লগতে কংগ্ৰেছ সভাপতি আৰু তেওঁৰ পৰিয়ালক হত্যাৰ ষড়যন্ত্ৰ সন্দৰ্ভত কিমান দিনলৈ মৌন হৈ থাকিব বুলিও পৱন খেৰাই প্ৰশ্ন কৰিছে।

উল্লেখ্য যে, যিগৰাকী বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ বিৰুদ্ধে আছে ৪০ টাতকৈ অধিক অপৰাধমূলক গোচৰ।

কংগ্ৰেছ সভাপতিক হত্যাৰ ষড়যন্ত্ৰ ৪০ৰো অধিক অপৰাধত অভিযুক্ত বিজেপি প্ৰাৰ্থীৰ...
পৰ্ণ চাইটত ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই ৭২ বছৰীয়া বৃদ্ধৰ আত্মহত্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in