ৰবি শৰ্মাৰ 'শ্ৰী ৰঘুপতি' মুক্তিত ন্যায়ালয়ৰ বাধাঃ অনিৰ্দিষ্ট কালৰ বাবে নিষেধাজ্ঞা...

ৰবি শৰ্মাৰ 'শ্ৰী ৰঘুপতি' মুক্তিত ন্যায়ালয়ৰ বাধাঃ অনিৰ্দিষ্ট কালৰ বাবে নিষেধাজ্ঞা...
ৰবি শৰ্মাৰ 'শ্ৰী ৰঘুপতি' মুক্তিত ন্যায়ালয়ৰ বাধাঃ অনিৰ্দিষ্ট কালৰ বাবে নিষেধাজ্ঞা...

ডিজিটেল ডেস্কঃ বহু চৰ্চিত অসমীয়া চিনেমা 'শ্ৰী ৰঘপুতি' মুক্তিত ন্যায়ালয়ৰ বাধা। অনিৰ্দিষ্টকালৰ বাবে চিনেমাখন মুক্তিত বাধা প্ৰদান কৰিলে কামৰূপ ন্যায়াধীশ আদালতে।

উল্লেখ্য যে, ২ জুনত শুভ মুক্তি পোৱাৰ কথা আছিল ৰবি শৰ্মা অভিনীত 'শ্ৰী ৰঘুপতি' নামৰ চিনেমাখন। চিনেমাখনৰ মুক্তিৰ পূৰ্বে আজি ন্যায়ালয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে।

জানিব পৰা মতে চিনেমাখনৰ পূৰ্বৰ প্ৰযোজক আছিল সুৰয শৰ্মা। সুৰয শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই পিতৃ সুৰয শৰ্মাৰ সৈতে হোৱা চুক্তি ভংগৰ বিৰুদ্ধে তৰিচিল গোচৰ। অভিযোগ অনুসৰি শ্ৰী ৰঘুপতি চিনেমাখন নিৰ্মাৰ বাবে পূৰ্বে সুৰয শৰ্মাৰ 'ল'কাচ ক্ৰিয়েটিভ প্ৰকাডকশ্যন'ৰ হৈ অগ্ৰীম ধন প্ৰদান কৰিছিল।

চিনেমাখন ল'কাচ ক্ৰিয়েটিভ প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰাৰ লগতে শুভ মুক্তি দিয়াৰো চুক্তি হৈছিল। কিন্তু পৰৱৰ্তী সময়ত সেই চুক্তি ভংগ কৰি 'শ্ৰী ৰঘুপতি' চিনেমাখন শৈলন কুমাৰ শৰ্মাৰ 'মণিৰত্ন এণ্টাৰটেইনমেণ্ট'ৰ বেনাৰত শুভমুক্তি দিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিলে। সেয়ে পূৰ্বৰ চুক্তি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি সুৰয শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মা কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ কাষ চাপে।

আনহাতে চিনেমাখন নিৰ্দিষ্ট সময় অনুসৰিয়েই শুভ মুক্তি দিবৰ বাবে মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ হৈ ময়ূৰাক্ষী শৰ্মাই আৱেদন কৰিছিল যদিও ধৃতিমান শৰ্মাৰ সপক্ষেই ন্যায়ালয়ে ৰায় প্ৰদান কৰে আৰু অনিৰ্দিষ্ট কালৰ বাবে চিনেমাখন প্ৰদৰ্শনত বাধা প্ৰদান কৰে।

ৰবি শৰ্মাৰ 'শ্ৰী ৰঘুপতি' মুক্তিত ন্যায়ালয়ৰ বাধাঃ অনিৰ্দিষ্ট কালৰ বাবে নিষেধাজ্ঞা...
অভিনেত্ৰী আৰতী বৰুৱাৰ পৰলোকপ্ৰাপ্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in