/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/cce10e24-25f1-45a8-a037-03e2a3117f14/haora_21.jpg)
নিশা জ্বলি শেষ হ'ল ২০০০ খন ব্যৱসায়ীক প্ৰতিষ্ঠানঃ অতীত হ'ল মাঙ্গলাহাট...
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এক বিধ্বংসী অগ্নিকাণ্ডত ভস্মিভূত হ'ল প্ৰায় ২০০০ খন ব্যৱসায়ীক প্ৰতিষ্ঠান। এই ঘটনা সংঘটিত হৈছে চুবুৰীয়া পশ্চিমবংগৰ হাওৰাৰ মঙ্গলাহাটত।
বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ বিধ্বংসী ৰূপ ধাৰণ কৰে। স্থানীয় লোকে প্ৰথমে এই অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নি নিৰ্বাপক বাহিনীৰ এটা দলে ১৮ খন অগ্নি নিৰ্বাপক বাহনৰ সৈতে আহি ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে।
প্ৰথম অৱস্থাত পানীৰ সংকটে দেখা দিছিল বুলিও অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে মন্তব্য কৰিছে। অৱশ্যে নিশাৰ ভিতৰতে এই অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰা হয়। এই ঘটনাত বহু কোটি টকাৰ সম্পত্তি লোকচান হৈছে।
উল্লেখ্য যে প্ৰায় ১২ বিঘা ভূমি ব্যাপী থকা এই মঙ্গলাহাট অতি বিখ্যাত। এই মঙ্গলাহাটত থকা ২০০০ খনকৈ সৰু, বৰ ব্যৱসায়ীক প্ৰতিষ্ঠান নিশা জ্বলি উঠে। জুই নিৰ্বাপনৰ বাবে অগ্নি নিৰ্বাপক বাহিনীয়ে নৰ্দমাৰ পৰা পানী উঠায়ো জুই নিয়ন্ত্ৰণৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল।
আনকি স্থানীয় হাস্পতালৰো পানীও মঙ্গলাহাটৰ জুই নিৰ্বাপনৰ বাবে ব্যৱহাৰ কৰিবলগীয়া হয়। ভস্মিভূত হোৱা ২০০০ খন দোকানৰ ভিতৰত অধিকাংশই আছিল কাপোৰৰ দোকান। একোখন দোকানৰ ভাড়াই আছিল ১ লাখৰ পৰা ২ লাখ টকা পৰ্যন্ত।
ইফালে এই অগ্নিকাণ্ডৰ সন্দৰ্ভত ব্যৱসায়ীক প্ৰতিষ্ঠানবোৰৰ ব্যৱাসীয়ে মাঙ্গলাহাটৰ গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। এই অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ বিধায়ক অৰূপ ৰায়।
বিধায়কগৰাকীয়ে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলৰ কাষত থিয় দিয়ে যদিও তেওঁক সকলোৱে ঘেৰি ধৰে আৰু গৰাকীৰ বিৰুদ্ধে নানান অভিযোদ উত্থাপন কৰে। ইফালে শুকুৰবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হয় ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী সুজিত বসু।
তেওঁ পৰিস্থিতিৰ বুজ লৈ তদন্তৰ আশ্বাস প্ৰদান কৰিছে। কিন্ত কি কাৰণত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেয়া এতিয়ও পোহৰলৈ অহা নাই। ইফালে এই অগ্নিকাণ্ডত উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও।
Also Read: পদত্যাগ কৰিব নে এন বীৰেন সিঙে? অমিত শ্বাহৰ নতুন পৰিকল্পনাঃ মণিপুৰত পৃথক ৰাজ্যৰো দাবী...