/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/1745f107-4278-4ed5-88a0-d5001a0f7bcb/173.jpg)
ডিজিটেল ডেস্ক : দেশত বলিছে সাধাৰণ নিৰ্বাচনৰ নিৰ্বাচনী বতাহ। ভাৰতীয় জনতা পাৰ্টী তথা আন আন দলসমূহে দেশৰ বিভিন্ন প্ৰান্তত চলাইছে প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ। এনে পৰিৱেশৰ মাজতে লোকসভা সমষ্টিসমূহৰ অন্যতম সমষ্টি হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিতো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/3ae7cf8d-647b-4b28-9b9a-316b11dbee45/434334328_966811644791365_7486493289957956047_n.jpg)
সমষ্টিটোৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী তথা মোহময়ী অভিনেত্ৰী কংগনা ৰাণাৱটৰ উদ্দাত্ত ভাষণে উত্তাল কৰি তুলিছে সমগ্ৰ অঞ্চল। অভিনয়ৰ সমান্তৰালকৈ ৰাজনৈতিক ক্ষেত্ৰতো খোপনি পুতিবলৈ অহৰহ চেষ্টা চলাই থকা কংগনাই সংসদৰ মজিয়া গৰম কৰিবলৈ উঠি-পৰি লগা পৰিলক্ষিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/80550159-0b61-45f2-a5ad-86b3e79a10bd/434339054_966811634791366_3586340049416066761_n.jpg)
মাণ্ডি সমষ্টিৰ বিজেপি প্ৰাৰ্থী কংগনা ৰাণাৱটে শিৱবাদৰত এখন ৰাজহুৱা জনসভা সম্বোধন কৰে। সভাত প্ৰাৰ্থী কংগনাই কয়- মোক মাণ্ডিৰ পৰা প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰাটো মোৰ বাবে অতি সৌভাগ্যৰ বিষয়। মাণ্ডিৰ প্ৰতিগৰাকী মহিলা মোৰ আই মাতৃস্বৰূপা।
জনবহুল সভাখনত উপস্থিত ৰাইজক উদ্দেশ্যি কংগনাই কয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এজন সাধাৰণ মানুহ নহয়। তেখেত এগৰাকী দূৰদৰ্শী নেতা। সকলোৰে বাবে চিন্তা কৰা জননেতা মোডী।
মাণ্ডিৰ উত্তৰণৰ বাবে মোক প্ৰাৰ্থী হিচাপে বিবেচনা কৰাত তেখেতৰ ওচৰত মই কৃতজ্ঞ। এই সমষ্টিটোৰ উত্তৰণৰ বাবে মই যথেষ্ট কাম কৰি যাব বিচাৰোঁ। ইয়াৰোপৰি কংগনাই কয় যে, যিসকলে মহিলাসকলক সন্মান কৰিব নোৱাৰে, তেওঁলোকে আমাৰ কল্যাণৰ বাবে কাম কৰিব পাৰিবনে বুলি প্ৰশ্ন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6a00228f-0969-4f06-90c2-34376dab8c12/434959049_966811641458032_6991630115881373968_n.jpg)
প্ৰধানমন্ত্ৰীয়ে মহিলাসকলৰ সৱলীকৰণৰ বাবে যথেষ্ট কাম কৰিছে। নাৰীসবলীকৰণত প্ৰধানমন্ত্ৰীয়ে বহু আঁচনি প্ৰস্তুত কৰি নাৰী শক্তিক এক পৰ্যায়লৈ নিবলৈ অহৰহ চেষ্টা চলাই থকাৰ কথা প্ৰাৰ্থী ৰাণাৱটে ভাষণ প্ৰসংগত উল্লেখ কৰে।
Also Read: অম্লানজ্যোতি দেৱ গোস্বামীক নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ হিচাপে আশীৰ্বাদ নিৰ্মালী প্ৰদান