/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/d1673322-6586-4e81-b5b5-262377afae0b/172.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ হিচাপে অম্লান জ্যোতি দেৱ গোস্বামীক পৰৱৰ্তী সত্ৰাধিকাৰ হিচাপে আশীৰ্বাদ নিৰ্মালী প্ৰদান কৰে। কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামী, দিঘলী সত্ৰৰ সত্ৰাধিকাৰ প্ৰদীপ মহন্ত, সুন্দৰী দিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল দেৱ অধিকাৰী, পাটবাউসী সত্ৰৰ ভকত বৈষ্ণৱ, মহাপুৰুষীয়া সত্ৰ সমাজ, অসম সত্ৰ মহাসভাৰ লগতে বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃসকলৰ উপস্থিতিত আশীৰ্বাদ নিৰ্মালী প্ৰদান কৰি নৰোৱা সত্ৰৰ পৰৱৰ্তী সত্ৰাধিকাৰ হিচাপে অম্লান জ্যোতি দেৱগোস্বামীৰ নাম ঘোষণা কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/86f88712-b179-4aea-940f-c94f46769751/69fb9ef8_aaf8_48f4_bfcf_a9273eb8673f.jpg)
এইখনিতে উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিন পূৰ্বে কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গৈছিল সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক তথা বটদ্ৰৱাৰ বটবৃক্ষ স্বৰূপ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী। মঙলবাৰে প্ৰয়াত গোস্বামীদেৱৰ আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানত উপস্থিত হয় ৰাজ্যৰ সত্ৰীয়া সমাজৰ লগতে বহু কেইজন সত্ৰাধিকাৰ।
এই পবিত্ৰ দিনটোতে নৰোৱা সত্ৰৰ পৰৱৰ্তী সত্ৰাধিকাৰ হিচাপে প্ৰয়াত সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ বৰ পুত্র আম্লান জ্যোতি দেৱগোস্বামীক আশীৰ্বাদ নিৰ্মালী প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, ১৯৫৭ চনত জন্ম গ্ৰহণ কৰা দেৱানন্দ দেৱ গোস্বামীয়ে কম সময়ৰ ভিতৰতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজি তথা সংস্কৃতি চৰ্চা কৰি জনমানসত প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/52cfbd2c-2330-4e01-a4ea-d993f28cf573/44991925_8397_4209_aa40_832ce1fae76d.jpg)
সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ বিয়োগৰ পাছত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সাতামপুৰুষীয়া পৰম্পৰাক সৰোগত কৰি প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ বৰ পুত্ৰ অম্লান জ্যোতি দেৱগোস্বামী আজি আদ্যশ্ৰাদ্ধৰ পবিত্ৰ অনুষ্ঠানতে পৰম্পৰাগতভাৱে আশীৰ্বাদ প্ৰদান কৰা হয়।
Also Read: ডেলিভাৰী বয়ৰ মূৰত চিগি পৰিল উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰ