পত্নীয়ে চিকেন বনাই নিদিয়াৰ বাবে আত্মহত্যা কৰিলে পৱনে!

পত্নীয়ে চিকেন বনাই নিদিয়াৰ বাবে আত্মহত্যা কৰিলে পৱনে!

ডিজিটেল ডেস্কঃ পত্নীয়ে মাংস বনাই নিদিয়াৰ বাবে আত্মহত্যা কৰিলে স্বামীয়ে। ঘটনাৰ বিৱৰণী অনুসৰি পৱন নামৰ লোকজনে চিকেন খাব বিচাৰিছিল কিন্তু পত্নীয়ে বনাব বিচৰা নাছিল। এই কথালৈয়ে প্ৰথমে তেওঁলোকৰ মাজত কাজিয়া হয় আৰু পাছত  পৱনে আত্মহত্যা কৰে।

উত্তৰ প্ৰদেশৰ ঝাঞ্চীত বুধবাৰে সংঘটিত হৈছে। পৱন শাক্য নামৰ লোকজনে ৪ বছৰ পূৰ্বে প্ৰিয়ংকা নামৰ যুৱতী গৰাকীৰ লগত বিয়া হৈছিল।  তেওঁলোকৰ দুই সন্তানো আছে।

তেওঁলোকৰ মাজত মাজে মাজে কাজিয়া হৈছিল কিয়নো পৱনে সুৰাপান কৰিছিল। ঘটনাৰ দিনা পৱনে নিশা ঘৰলৈ চিকেন লৈ আনি পত্নীত বনাবলৈ দিছিল। কিন্তু প্ৰিয়ংকাই ইতিমধ্যে ৰাতিৰ আহাৰ প্ৰস্তুত কৰিছিল। যাৰ বাবে চিকেন নবনাও বুলি কৈছিল। তাৰ পাছত কাজিয়া হৈছিল দুয়োৰে মাজত।

পৰৱৰ্তী সময়ত দুয়ো বেলেগ বেলেগ কোঠাত শুই আছিল। তাৰ অলপ পাছতেই পৱনৰ ভাতৃয়ে দেখে যে তেওঁ আত্মহত্যা কৰিছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

পত্নীয়ে চিকেন বনাই নিদিয়াৰ বাবে আত্মহত্যা কৰিলে পৱনে!
ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in