/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/99b9d24e-ac51-40df-b8e7-eb8cfe0f8053/forensic.jpg)
ডিজিটেল সংবাদ, চাংসাৰিঃ কামৰূপ জিলাৰ চাংসাৰি সমীপৱৰ্তী মলঙত বৃহস্পতিবাৰে আনুষ্ঠানিকভাবে ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় চৌহদৰ আধাৰশিলা স্থাপন কৰা হয় । আধাৰশিলা স্থাপন কৰা এই বিশ্ববিদ্যালয়খন হ'ব দেশৰ ভিতৰত নৱমখন ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় । অসম চৰকাৰৰ দ্বাৰা ৫০ একৰ ভূমি আবন্টন সম্পূৰ্ণ বিনামূলীয়াকৈ দিছে এই গুৱাহাটীৰ চৌহদৰ বাবে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰত চৰকাৰৰ গৃহ সমবায় মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটীৰ পৰা ভাৰ্চুৱেলি আধাৰশিলা স্থাপনৰ অনুষ্ঠান মলঙৰ নিৰাকাৰ আশ্ৰম প্ৰাংগণত উপভোগ কৰে অসংখ্য লোকে।
Also Read: বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন সভা...