ধৰ্মীয় সম্প্ৰীতিৰ অন্য এক উদাহৰণ কন্নন, হুইলছেয়াৰত ৩০০ কিলোমিটাৰ যাত্ৰা...

ধৰ্মীয় সম্প্ৰীতিৰ অন্য এক উদাহৰণ কন্নন, হুইলছেয়াৰত ৩০০ কিলোমিটাৰ যাত্ৰা...

ডিজিটেল ডেস্ক : ৰাজনীতিৰ বাহিৰে ধৰ্মীয় বিষাদগাৰৰ স্থান সাধাৰণতে সমাজত প্ৰত্যক্ষ নহয় ৰাইজৰ মাজত । এই ৰাজনৈতিক বিষবাষ্পই সময়ে সময়ে অস্থিৰতাৰ সৃষ্টি কৰি আহিছে সমাজত । কিন্তু এই সকলোৰে মাজতেই ধৰ্মীয় সম্প্ৰীতিৰ এক অন্যান্য উদাহৰণ হৈ ৰ'ল তামিলনাডুৰ কন্নন । ইছলাম ধৰ্মাৱলম্বী এগৰাকী শিক্ষকৰ বাবে প্ৰাৰ্থনা আগবঢ়াবলৈ ৩০০ কিলোমিটাৰ যাত্ৰা কৰিলে হুইলছেয়াৰত ।

উল্লেখ্য যে, কন্ননে বহু বছৰ পূৰ্বেই এটি দুৰ্ঘটনাত এখন ভৰি হেৰুৱাৰ ওপৰিও আনখন ভৰিও আংশিকভাৱে বিকল হৈ গৈছিল । আৰু সেই হতাশাৰ সময়ছোৱাত এগৰাকী শিক্ষকে সকলোতকৈ বেছি সহায় কৰিছিল কন্ননক । ২০১৩ চনত হোৱা এই দুৰ্ঘটনাটোৰ সময়ছোৱাত কন্নন আছিল এগৰাকী দৈনিক মজুৰীৰ ভিত্তিত শ্ৰমদান কৰা এগৰাকী শ্ৰমিক । দুয়োখন ভৰি বিকল হৈ পৰাৰ পাছত এম পি চামিৰা নামৰ শিক্ষক গৰাকীয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত এটি বাসগৃহৰ ব্যৱস্থা কৰি দিছিল কন্ননৰ বাবে । যাৰ বাবে শিক্ষক গৰাকীৰ সন্মুখত আজীৱন কৃতজ্ঞ হৈ থকাৰ কথা প্ৰকাশ কৰে কন্ননে ।

আনহাতে, কন্ননৰ এই যাত্ৰাৰ উদ্দেশ্য হ'ল তেওঁৰ ইশ্বৰ আয়াপ্পাৰ সন্মুখত শিক্ষকগৰাকীৰ বাবে আশীৰ্বাদ প্ৰাৰ্থনা কৰা । কন্ননৰ গভীৰ বিশ্বাস যে এই যাত্ৰাৰ অন্তত তেখেতে প্ৰাৰ্থনা নিবেদন কৰা ইশ্বৰজনাই আশীৰ্বাদ দিব চামিৰা নামৰ শিক্ষক গৰাকীক ।

 এই ধৰ্মীয় সম্প্ৰীতি পূৰ্বতে ভাৰতৰ বাবে নতুন নাছিল, হেজাৰ বছৰীয়া সভ্যতাই ভাৰতীয় সকলক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ কাহানিবাই শিকাইছিল । কিন্তু শেহতীয়া কিছু ঘটনাৰ বাবে যেন বিলুপ্ত হৈ আহিছে এনে নিদৰ্শন ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in