এক পৰিয়ালৰ ৮ সদস্যক হত্যা কৰি নিজেও আত্মহত্যা কৰিলে সদ্য বিবাহিত যুৱকে...

দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল তেওঁ
এক পৰিয়ালৰ ৮ সদস্যক হত্যা কৰি নিজেও আত্মহত্যা কৰিলে সদ্য বিবাহিত যুৱকে...
এক পৰিয়ালৰ ৮ সদস্যক হত্যা কৰি নিজেও আত্মহত্যা কৰিলে সদ্য বিবাহিত যুৱকে...

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ছিন্দৱাৰাত এজন ব্যক্তিয়ে একেটা পৰিয়ালৰ ৮ জনকৈ সদস্যক হত্যা কৰি নিজও ফাঁচী লৈ আত্মহত্যা কৰিছে। এই ঘটনা ৰাজ্যখনৰ বোদাল কাছাৰ গাঁৱত সংঘটিত হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই ঘটনা কিয় সংঘটিত কৰিলে সেই বিষয়ে এই পৰ্যন্ত কোনো তথ্য লাভ কৰা নাই। ছিন্দাৱাৰা আৰক্ষী অধীক্ষক মনীষ খাত্ৰীৰ মতে যিগৰাকী ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰিলে তেওঁৰ মানসিক অৱস্থা ভাল নাছিল। কিছু দিন আগত তেওঁ চিকিৎসাধীন হৈ আছিল।

আৰক্ষীৰ মতে যিগৰাকী ব্যক্তিয়ে এই কাণ্ড সংঘটিত কৰিছে তেওঁৰ নাম দীনেশ। আৰক্ষীয়ে জনোৱা অনুসৰি, "দীনেশে প্ৰথমে তেওঁৰ পত্নীক কুঠাৰেৰে আক্ৰমণ কৰি হত্যা কৰে। তাৰ পিছত তেওঁ তেওঁৰ মাক, ভগ্নী, ককায়েক, বৌয়েক, দুই ভতিজা, ভিতিজী হত্যা কৰে। দীনেশৰ চিপ লোৱা অৱস্থাত থকা মৃতদেহ ঘটনাস্থলীৰ পৰা কিছু দূৰত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।"

এই ঘটনা সংঘটিত কৰা দীনেশৰ যোৱা ২১ মে’ত বিবাহ সম্পন্ন হৈছিল। ঘটনা সন্দৰ্ভত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কয় যে, এই ঘটনা দুখজনক। এনে ঘটনাই সকলোকে হতবাক কৰি তুলিছে। এই দুখৰ সময়ত মই প্ৰভাৱিত পৰিয়ালৰ সৈতে আছোঁ। আমি এই ঘটনাৰ তদন্ত কৰিম। প্ৰাথমিক অনুসন্ধানত যুৱকজনক মানসিকভাৱে অসুস্থ বুলি উল্লেখ কৰা হৈছে।

ইফালে পূৰ্বৰ মুখ্যমন্ত্ৰী কমল নাথেও এই ঘটনাৰ উচিত তদন্ত দাবী কৰিছে। তেওঁ এক্সত লিখিছে, "মই মধ্য প্ৰদেশ চৰকাৰক ঘটনাৰ পুনৰাবৃত্তি প্ৰতিহত কৰিবলৈ কঠোৰ পদক্ষেপ ল'বলৈ দাবী জনাইছো।"

প্ৰদেশ কংগ্ৰেছৰ সভাপতি জিতু পাটোৱাৰীয়েও চৰকাৰক উদ্দেশ্যি এক্সত লিখিছে যে মধ্য প্ৰদেশত জংঘল ৰাজে শীৰ্ষত উপনীত হৈছে।দৰিদ্ৰতা, নিবনুৱা আৰু অৰ্থনৈতিক দুৰ্দশাই বৃহৎ সংখ্যক পৰিয়ালক চাপ আৰু হতাশালৈ ঠেলি দিছে। মুদ্ৰাস্ফীতিয়ে গ্ৰাম্য অঞ্চলসমূহক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে।

এক পৰিয়ালৰ ৮ সদস্যক হত্যা কৰি নিজেও আত্মহত্যা কৰিলে সদ্য বিবাহিত যুৱকে...
ব্ৰীজভূষণৰ পুত্ৰৰ কনভয়ৰ খুন্দাত নিহত দুই কিশোৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in