ব্ৰীজভূষণৰ পুত্ৰৰ কনভয়ৰ খুন্দাত নিহত দুই কিশোৰ...

বিজেপি প্ৰাৰ্থী কৰণভূষণ চৰণ সিঙৰ উপস্থিতিতে সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনা
ব্ৰীজভূষণৰ পুত্ৰৰ কনভয়ৰ খুন্দাত নিহত দুই কিশোৰ...
ব্ৰীজভূষণৰ পুত্ৰৰ কনভয়ৰ খুন্দাত নিহত দুই কিশোৰ...

ডিজিটেল ডেস্কঃ বিজেপি সাংসদ ব্ৰীজভূষণ চৰণ সিঙৰ পুত্ৰ তথা বিজেপি প্ৰাৰ্থী কৰণভূষণ চৰণ সিঙৰ কনভয়ৰ খুন্দাত মৃত্যু হ'ল দুটি শিশুৰ। আনহাতে আহত হৈছে আন এগৰাকী মহিলা। বুধবাৰে উত্তৰ প্ৰদেশৰ গোণ্ডাত সংঘটিত হৈছে এই ঘটনা।

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ উত্তৰ প্ৰদেশতে ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে। সমান্তৰালকৈ আৰক্ষীয়ে আটক কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজনক।

আৰক্ষীয়ে জনোৱা অনুসৰি বুধবাৰে গোণ্ডাৰ কলোনেলগঞ্জ-হুজোৰপুৰ পথৰে দ্ৰুত বেগেৰে যাত্ৰা কৰিছিল কৰণ ভূষণ চৰণ সিঙৰ কনভয়। তাৰ মাজতে বৈকুণ্ঠ ডিগ্ৰী কলেজৰ সন্মুখতে কনভয়ৰ এখন বাহনে একাধিক লোকক খুন্দা মাৰে।

ফলত দুৰ্ঘটনাস্থলীত থিতাতে নিহত হয় দুই কিশোৰ। গুৰুতৰভাৱে আহত হয় আন এগৰাকী মহিলা। ইয়াৰ পিছতে দুৰ্ঘটনাস্থলীত ভিৰ কৰে স্থানীয় লোকে। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে সেই স্থানত উপস্থিত হয় স্থানীয় আৰক্ষী।

আৰক্ষীয়ে আহত মহিলাগৰাকীক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে। জানিব পৰা মতে আহত মহিলাগৰাকীৰো অৱস্থা গুৰুতৰ।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে দুৰ্ঘটনা সংঘটিত কৰা কনভয়ৰ বাহনখনৰ চালকজনক আটক কৰা হৈছে। ঘটনা সন্দৰ্ভত ৰুজু কৰিছে এক গোচৰ। এই গোচৰৰ ভিত্তিতে আৰম্ভ কৰিছে তদন্ত।

অৱশ্যে আৰক্ষীয়ে এই পৰ্যন্ত চালকজনৰ নাম প্ৰকাশ কৰা নাই। আৰক্ষীৰ মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত কনভয়ৰ এখন বাহনত উপস্থিত আছিল কৰণ ভূষণ চৰণ সিং।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ ৰাজনীতিত অতি প্ৰভাৱশালী ব্যক্তি হিচাপে পৰিচিত ব্ৰীজভূষণ চৰণ সিং। যোৱা বচৰ তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছিল মহিলা মল্লযুঁজাৰুৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ।

এই বিষয়টোক লৈ দেশজুৰি প্ৰতিবাদৰ পাছতে এইবাৰ বিজেপিয়ে তেওঁক লোকসভাৰ টিকট দিয়াৰ পৰা বিৰত আছে। ইয়াৰ বিপৰীতে তেওঁৰ পুত্ৰ কৰণ ভূষণ চৰণ সিঙক দিলে টিকট।

ব্ৰীজভূষণৰ পুত্ৰৰ কনভয়ৰ খুন্দাত নিহত দুই কিশোৰ...
ধ্যানত বহি প্ৰচাৰ চলাব মোডীয়ে ! নিৰ্বাচন আয়োগক অনুমতি নিদিবলৈ আহ্বান কংগ্ৰেছৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in