প্ৰতিশোধ ল'বলৈ এটা পৰিয়ালৰে ৭ জন আত্মীয়ক হত্যা,শিশুক জীৱন্তে দলিয়ালে নদীত...

দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। একাংশই হত্যাৰ দৰে সৰু কাণ্ড সংঘটিত কৰিবলৈও কুণ্ঠাবোধ নকৰে।

author-image
Asomiya Pratidin
New Update
প্ৰতিশোধ ল'বলৈ এটা পৰিয়ালৰে ৭ জন আত্মীয়ক হত্যা,শিশুক জীৱন্তে দলিয়ালে নদীত...

ডিজিটেল ডেস্ক: দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। একাংশই হত্যাৰ দৰে সৰু কাণ্ড সংঘটিত কৰিবলৈও কুণ্ঠাবোধ নকৰে। ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা।

Advertisment

মহাৰাষ্ট্ৰৰ পুনে জিলাৰ দৌন্দত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড।পুত্ৰৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ, অভিযুক্তই ৭ জনকৈ আত্মীয়ক হত্যা কৰে। তাৰ পাছতেই মৃতদেহ সমূহ নদীত পেলাই দিয়ে।

প্ৰথমে এয়া এক গণ আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰা হৈছিল কিন্তু আৰক্ষীৰ তদন্তত পোহৰলৈ আহে এই সমগ্ৰ ঘটনা।

উল্লেখ্য যে, ১৮ ৰ পৰা ২২ জানুৱাৰীৰ ভিতৰত পুনেৰ দৌণ্ডৰ ভীমা নদীত ৭ টা মৃতদেহ পোৱা গৈছিল। আৰক্ষীয়ে এগৰাকী মহিলাৰ পৰা উদ্ধাৰ কৰা এটা ফোনৰ তথ্যৰ জৰিয়তে গম পাই যে আটাইকেইজন এটা পৰিয়ালৰে।

আৰক্ষীয়ে তদন্ত কৰি জানিব পাৰে যে অভিযুক্ত অশোক পাৱাৰৰ পুত্ৰৰ কিছুদিন পূৰ্বে মৃত্যু হৈছিল যাৰ দুৰ্ঘটনাক্ৰমে মৃত্যু হৈছিল। কিন্তু অশোক পাৱাৰে সন্দেহ কৰিছিল যে অন্য কাৰণত তেওঁৰ পুত্ৰৰ মৃত্যু হৈছিল।

গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলৰ ভিতৰত অশোক পাৱাৰ সহিত চাৰিজন ভাতৃ আৰু এগৰাকী ভগ্নী আছে। সূত্ৰ অনুসৰি, তেওঁলোকে আটাইকেইজনক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল আৰু সৰু লৰা-ছোৱালী কেইজনক জীৱন্তে নদীত পেলাই দিছিল।

আৰু পঢ়ক: নগাঁও জিলাৰ নুৰুল আমিন ষ্টেডিয়ামত দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন

crime maharashtra