নগাঁও জিলাৰ নুৰুল আমিন ষ্টেডিয়ামত দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন

সমগ্র দেশৰ লগতে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । এই গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসমৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডঃ ৰনোজ পেগুৱে ।

author-image
Asomiya Pratidin
New Update
নগাঁও জিলাৰ নুৰুল আমিন ষ্টেডিয়ামত দেশৰ ৭৪ সংখ্যক  গণৰাজ্য দিৱস উদযাপন

ডিজিটেল সংবাদ ,নগাঁও: সমগ্র দেশৰ লগতে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । এই গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসমৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডঃ ৰনোজ পেগুৱে । পতাকা উত্তোলন কৰি মন্ত্ৰী গৰাকীয়ে আৰক্ষী, চি. আৰ. পি.এফ আৰু বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ গাৰ্ড অব অনাৰ গ্ৰহণ কৰে ।

Advertisment

ইয়াৰ পাছতেই তেখেতে জনসাধাৰণক উদ্দেশ্য কৰি দিয়া ভাষণত বৰ্তমানৰ চৰকাৰখনে জনসাধাৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনি সমূহৰ বিষয়ে অৱগত কৰে। ভাষণ প্ৰসংগত তেখেতে বৰ্তমান চৰকাৰখনে দুখীয়া মহিলা সকলৰ সৱলীকৰণৰ বাবে গ্ৰহণ কৰা অৰুনোদয় আঁচনিৰ বিষয়ে উল্লেখ কৰে । ভাৰত চৰকাৰৰ "আত্ম নিৰ্ভৰ ভাৰত" ৰ আৰ্হিত এখন "আত্ম নিৰ্ভৰ নগাঁও" গঢ়ি তুলিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায় ।

লগতে যুৱ প্ৰজন্মক উদ্যোগীকৰণৰ জৰিয়তে স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনায় । ভাষণৰ অন্তত মন্ত্ৰী গৰাকীয়ে আৰক্ষী, চি. আৰ. পি.এফ, আৰক্ষী আৰু বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কুচকাৱাজৰ অভিবাদন গ্রহণ কৰে ।

অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে জিলাখনৰ মুক্তিযুঁজাৰু আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনায় । অনুষ্ঠানত জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ দ্বাৰা প্ৰতীক পট প্ৰদৰ্শন কৰা হয়। শেষত জিলাখনৰ বিভিন্ন সংস্কৃতিক দলে তেওঁলোকৰ অনুষ্ঠান প্ৰদৰ্শন কৰে ।

আজিৰ এই অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপূৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাস, নগাঁও লোকসভা সমষ্টিৰ প্রাক্তন সাংসদ ৰাজেন গোহাঁই, জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা আৰক্ষী অধীক্ষক লীনা দলেকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

পতাকা উত্তোলন কাৰ্যসূচীৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্রতিমূৰ্তিত মাল্য প্ৰদান, শ্বহীদ তৰ্পণ, পণ্ডিত জৱাহৰলাল নেহৰু, নেতাজী সুভাষ চন্দ্ৰ বসু, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, মতিৰাম বৰা, হলধৰ ভূঞা, মহেন্দ্ৰ নাথ হাজৰিকা, দেৱকান্ত বৰুৱা আৰু পূৰ্ণ চন্দ্ৰ শৰ্মাৰ প্রতিমূৰ্তিত মাল্য প্ৰদান কৰে ।

আৰু পঢ়ক: গনৰাজ্য দিৱস উপলক্ষে লামডিং ৰেলৱে মণ্ডলৰ দহ গৰাকী সংবাদকৰ্মীলৈ বিশেষ সন্মান

ranoj pegu republic day