পান্নুয়ে দিছিল ভাবুকি! লোকসভাৰ মজিয়াত ভয়ংকৰ ঘটনা সংঘটিত কৰা ২ যুৱক কোন?

পান্নুয়ে দিছিল ভাবুকি! লোকসভাৰ মজিয়াত ভয়ংকৰ ঘটনা সংঘটিত কৰা ২ যুৱক কোন?

ডিজিটেল ডেস্কঃ ২২ বছৰ আগৰ ঘটনাৰ পুনৰাবৃত্তি কৰাৰ চেষ্টা নেকি? সংসদ আক্ৰমণ ঘটনাৰ ২২ বৰ্ষপুতিৰ দিনা লোকসভাক সংঘটিত হোৱা ভয়ংকৰ ঘটনাই এই প্ৰশ্নৰে উত্থাপন কৰিছে।

১৩ ডিচেম্বৰত সম্পূৰ্ণ হয় সংসদ আক্ৰমণৰ ২২ টা বছৰ। আজিৰ এই দিনটোতেই লোকসভাত নিৰাপত্তা ব্যৱস্থাত বৃহৎ উলংঘন। লোকসভাৰ কাৰ্যসূচী চলি থকাৰ মাজতে দৰ্শকৰ গেলাৰীৰ পৰা দুই যুৱকে লোকসভাৰ মজিয়ালৈ জাঁপ মাৰে। তেওঁলোকে জোতাৰ ভিতৰত স্প্ৰে জাতীয় বস্তু লুকুৱাই ৰাখিছিল।

এজন যুৱকে প্ৰথমে জাঁপ মাৰে হালধীয়া ৰঙৰ গেছ নিক্ষেপ কৰে। লগে লগে সমগ্ৰ সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। তাৰপাছতে সাংসদসকলে যুৱকজনক আটক কৰি আৰক্ষীক গতাই দিয়ে। ইয়াৰ পাছতে সদনৰ কাম কাজ ২ বজালৈ স্থগিত ৰখা হয়।

কেৱল ইমানেই নহয়, সদনৰ বাহিৰতো এগৰাকী মহিলা আৰু এজন পুৰুষে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকেও এক বিশেষ স্প্ৰে এৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই সমগ্ৰ ঘটনাত ৪ জনলোক জড়িত আছিল।

কি হৈছিল ২২ বছৰ পূৰ্বে?

২০০১ চনৰ ১৩ ডিচেম্বৰত পুৰণি সংসদ ভৱনত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। সংসদত শীতকালীন অধিৱেশন চলি আছিল। মহিলা সংৰক্ষণ বিধেয়কক লৈ হোৱা হুলস্থুলৰ পিছত সংসদ ১১:০২ বজাত স্থগিত ৰখা হৈছিল। ইয়াৰ পিছত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু বিৰোধী দলৰ নেতা ছোনিয়া গান্ধীয়ে সংসদ ত্যাগ কৰিছিল।

প্ৰায় ১১.৩০ বজাত, উপ ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰক্ষীসকলে তেওঁ ওলাই অহাৰ বাবে অপেক্ষা কৰি আছিল। তেতিয়াই ৫ জন সন্ত্ৰাসবাদীয়ে ১২ নং গেটৰ পৰা সংসদত প্ৰৱেশ কৰিছিল।

নিৰাপত্তাৰক্ষী সকলে সন্ত্ৰাসবাদীৰ গাড়ীখনৰ পিছে পিছে দৌৰি গৈছিল আৰু তেতিয়াই উপ-ৰাষ্ট্ৰপতিৰ গাড়ীৰ সৈতে খুন্দা লাগিছিল। সন্ত্ৰাসবাদীসকলে নিৰ্বিচাৰ গুলীয়াবলৈ আৰম্ভ কৰিছিল। কিন্তু সেই সময়ত নিৰাপত্তাৰক্ষীসকল নিৰস্ত্ৰ আছিল।

গুলীৰ শব্দ শুনাৰ পাছতে আন নিৰাপত্তাৰক্ষী সকল সতৰ্ক হৈছিল। তাৰ মাজতে ১ নং গেটেৰে আন এজন সন্ত্ৰাসবাদী প্ৰৱেশৰ চেষ্টা চলাই যদিও নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয়। ইয়াৰ পিছত তেওঁৰ শৰীৰত থকা বোমা বিস্ফোৰণ হয়।

বাকী ৪ জন সন্ত্ৰাসবাদীয়ে আন এখন গেটৰ পৰা সদনত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল যদিও তাৰে ৩ জন নিহত হয়। ৪নং সন্ত্ৰাসবাদী জন অন্য এখন গেটৰ ফালে দৌৰিছিল যদিও তাতে তেওঁত নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে। প্ৰায় ৪ বজালৈ চলিছিল এই সংঘৰ্ষ।

নিৰাপত্তাৰক্ষীয়ে ৫ জন সন্ত্ৰাসবাদীকে হত্যা কৰিবলৈ সক্ষম হয়। কিন্তু ঘটনাত ৯ জন জোৱান শ্বহীদ হোৱাৰ লগতে ১৬ জন আহত হয়। এই ঘটনাৰ দুটা দিন পাছত গ্ৰেপ্তাৰ হৈছিল অজফল গুৰু। তেওঁক ১২ বছৰ পাছত ২০১৩ চনৰ ৯ ফেব্ৰুৱাৰীত ফাঁচী দিয়া হৈছিল।

পান্নুয়ে দিছিল ভাবুকিঃ

উল্লেখ্য যে, খলিস্তানি সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুৱে সংসদত আক্ৰমণ কৰাৰ ভাবুকি দিছিল। কিছুদিন পূৰ্বে ভিডিঅ'যোগে এই ভাবুকি প্ৰদান কৰিছিল পান্নুয়ে। তেতিয়াৰ পৰা দিল্লী আৰক্ষীয়ে নিৰাপত্তাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিছিল। আমেৰিকাত বাস কৰা পান্নুয়ে কৈছিল যে ১৩ ডিচেম্বৰ বা তাৰ পূৰ্বে তেওঁ সংসদত আক্ৰমণ কৰিব।

কিন্তু কিয় এই ঘটনা কৰিলে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত দুজন যুৱকক আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।আটক কৰা যুৱক দুজন সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডি। ইয়াৰ মনোৰঞ্জনৰ ঘৰ কৰ্ণাটকত।

আনহাতে সদনৰ বাহিৰত প্ৰতিবাদ কৰা দুজন ক্ৰমে- নিলম আৰু অনমোল। নিলম হাৰিয়ানাৰ আৰু অনমোলৰ ঘৰ মহাৰাষ্ট্ৰত। জেৰাৰ পাছতহে পোহৰলৈ আহিব কি উদ্দেশ্যৰে যুৱক দুজনে এই ঘটনা সংঘটিত কৰিলে।

কিন্তু এটা কথা ক'বই লাগিব যে আজিৰ এই ঘটনা ভয়ংকৰ। লগতে নিৰাপত্তাৰ দিশটোতো বহু প্ৰশ্নৰ উত্থাপন কৰিছে।

পান্নুয়ে দিছিল ভাবুকি! লোকসভাৰ মজিয়াত ভয়ংকৰ ঘটনা সংঘটিত কৰা ২ যুৱক কোন?
লোকসভাত ভয়ংকৰ ঘটনাঃ দৰ্শকৰ গেলাৰীৰ পৰা জাঁপ যুৱকৰ, তাৰপাছতে নিক্ষেপ কৰিছে স্প্ৰে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in