লোকসভাত ভয়ংকৰ ঘটনাঃ দৰ্শকৰ গেলাৰীৰ পৰা জাঁপ যুৱকৰ, তাৰপাছতে নিক্ষেপ কৰিছে স্প্ৰে

লোকসভাত ভয়ংকৰ ঘটনাঃ দৰ্শকৰ গেলাৰীৰ পৰা জাঁপ যুৱকৰ, তাৰপাছতে নিক্ষেপ কৰিছে স্প্ৰে

author-image
Asomiya Pratidin
New Update
লোকসভাত ভয়ংকৰ ঘটনাঃ দৰ্শকৰ গেলাৰীৰ পৰা জাঁপ যুৱকৰ, তাৰপাছতে নিক্ষেপ কৰিছে স্প্ৰে

ডিজিটেল ডেস্কঃ লোকসভাৰ কাৰ্যসূচী চলি থকাৰ মাজতে ভয়ংকৰ ঘটনা। নিৰাপত্তাৰ ক্ষেত্ৰত বৃহৎ সুৰুঙা লোকসভাত। কাৰ্যসূচী চলি থকাৰ মাজতে গেলাৰীৰ পৰা লোকসভাৰ মজিয়াত জাঁপ মাৰে যুৱকে। দুই যুৱকে হাতত ধোঁৱাজাতীয় সামগ্ৰী লৈ সদনৰ ভিতৰৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে।

Advertisment

আনহাতে দুই যুৱকে সদনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। এই ঘটনাৰ পাছত লোকসভাৰ কাৰ্যসূচী স্থগিত ৰখা হয়। লোক দুজনে সদনৰ ভিতৰত ফ্লুৰোচেণ্ট গেছ ছটিয়ায়। যুৱককেইজনৰ পৰা ৰঙীণ বিস্ফোৰক সামগ্ৰী, স্প্ৰে আদি উদ্ধাৰ হয়।

এই দুটা পৃথক ঘটনা সংঘটিত হৈছে। য'ত দুজন যুৱকে সংসদৰ ভিতৰত আৰু দুজনে সংসদৰ বাহিৰত এই কাণ্ড সংঘটিত কৰে। ইতিমধ্যে দিল্লী আৰক্ষীয়ে আটক কৰে ২ যুৱকক। দুই আটকাধীন যুৱকৰ নাম সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডি বুলি জানিব পৰা গৈছে। আনহাতে সদনৰ বাহিৰত প্ৰতিবাদ কৰা দুজন- নিলম আৰু অনমোল সিন্দে।

আটকাধীন যুৱক কেইজনক ইতিমধ্যে জেৰা চলাই থকা হৈছে। মহীশূৰৰ সাংসদৰ জৰিয়তে লোকসভাত প্ৰৱেশ পত্ৰ লাভ কৰিছিল যুৱক দুজনে। উল্লেখ্য যে, আজিৰ পৰা ২২ বছৰ পূৰ্বে সংসদ ভৱনত হৈছিল আক্ৰমণ।

Also Read: শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত সাঁচিপতীয়া পুথিৰ ডিজিটেল প্ৰতিচ্ছবিৰ ব্যৱস্থা

loksabha