'ফ্ৰী পেলেষ্টাইন' লিখা টি-চাৰ্ট পিন্ধি খেলপথাৰত প্ৰৱেশ অনুৰাগীৰ, সাৱটি ধৰিলে কোহলিক

'ফ্ৰী পেলেষ্টাইন' লিখা টি-চাৰ্ট পিন্ধি খেলপথাৰত প্ৰৱেশ অনুৰাগীৰ, সাৱটি ধৰিলে কোহলিক

author-image
Asomiya Pratidin
New Update
'ফ্ৰী পেলেষ্টাইন' লিখা টি-চাৰ্ট পিন্ধি খেলপথাৰত প্ৰৱেশ অনুৰাগীৰ, সাৱটি ধৰিলে কোহলিক

ডিজিটেল ডেস্কঃ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা আইচিচি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ মাজতে নিৰাপত্তাত উলংঘন হয়। ভাৰতৰ ইনিংছৰ ১৪তম অভাৰত এজন অনুৰাগী তথা পেলেষ্টাইন সমৰ্থকে খেলপথাৰত প্ৰৱেশ কৰে আৰু বিৰাট কোহলীক সাৱটি ধৰে। অৱশ্যে তেওঁক তৎক্ষণাৎ সুৰক্ষা কৰ্মীয়ে আঁতৰাই নিয়ে উক্ত স্থানৰ পৰা।

Advertisment

আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত চলি থকা খেলৰ সময়তে খেলপথাৰত প্ৰৱেশ কৰে লোকজনে। তেওঁৰ টি-চাৰ্টত 'ফ্ৰী পেলেষ্টাইন' লিখা আছিল। ষ্টেডিয়ামত নিযুক্ত নিৰাপত্তাকৰ্মীয়ে পাছত তেওঁক আটক কৰে। ইয়াৰ আগতে তেওঁ কোহলীক সাৱটি ধৰে। অনুৰাগীজনক আঁতৰাই নিয়াৰ পাছতে পুনৰ আৰম্ভ হয় খেল।

উল্লেখ্য যে, ইজৰাইল-হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে এই লোকজনে ফ্ৰী পেলেষ্টাইন লিখা টি চাৰ্ট পিন্ধি বিশ্বকাপৰ ফাইনেল খেলত প্ৰৱেশ কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

Also Read: লাকুৱাত অ'এনজিচিৰ পৰিত্যক্ত ৰিগত নিৰ্গত খাৰুৱা তেল