লাকুৱাত অ'এনজিচিৰ পৰিত্যক্ত ৰিগত নিৰ্গত খাৰুৱা তেল

লাকুৱাত অ'এনজিচিৰ পৰিত্যক্ত ৰিগত নিৰ্গত খাৰুৱা তেল

author-image
Asomiya Pratidin
New Update
লাকুৱাত অ'এনজিচিৰ পৰিত্যক্ত ৰিগত নিৰ্গত খাৰুৱা তেল

ডিজিটেল সংবাদ, চৰাইদেউ: লাকুৱা তৈলক্ষেত্ৰৰ অন্তৰ্গত দিচাং নৈৰ দাঁতিত থকা ৰঙাগড়া অঞ্চলত সৃষ্টি হৈছে আতংকৰ। অ'এনজিচিৰ এক পৰিত্যক্ত ৰিগৰ পৰা বিগত কেবাঘণ্টা সময় ধৰি অহৰ্নিশে খাৰুৱা তেল নিৰ্গত হৈ থকা ঘটনাই স্থানীয় ৰাইজৰ মাজত এক আতংকৰ পৰিবেশ সৃষ্টি কৰিছে।

Advertisment

জানিব পৰা মতে অঞ্চলটোত থকা ২০৮ নং ৰিগত এই ঘটনা সংঘটিত হৈছে ৷ স্থানীয় ৰাইজে জনোৱা মতে যোৱা নিশাৰে পৰা খনন শেষ হোৱা পৰিত্যক্ত হৈ থকা ৰিগটোৰ পৰা বহু উচ্চতালৈকৈ খাৰুৱা তেল আৰু গেছ নিৰ্গত হয়। এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় লোক শংকিত হৈ পৰে ৷ পাছত এইবিষয়ে বিভাগীয় কৰ্তৃপক্ষক বিষয়টো দৃষ্টি গোচৰ কৰোৱাত কৰ্তৃপক্ষৰ তেল আৰু গেছ নিৰ্গমন বন্ধৰ চেষ্টা অব্যাহত ৰাখিছে ৷

Also Read: ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত হিলদল ভাঙি জনতা