হাতত পিষ্টল লৈ শ্ৰেণী কোঠাত এজন ব্যক্তিঃ পণবন্দী শতাধিক শিক্ষাৰ্থী...

হাতত পিষ্টল লৈ শ্ৰেণী কোঠাত এজন ব্যক্তিঃ পণবন্দী শতাধিক শিক্ষাৰ্থী...
হাতত পিষ্টল লৈ শ্ৰেণী কোঠাত এজন ব্যক্তিঃ পণবন্দী শতাধিক শিক্ষাৰ্থী...

ডিজিটেল ডেস্কঃ এটাৰ পাছত আন এটা ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে পশ্চিমবংগ। আৰক্ষীৰ ওপৰত ভয়াৱহ আক্ৰমণে বংগৰ আইন শৃংখলা পৰিস্থিতিৰ ওপৰত দেশজুৰি প্ৰশ্ন উত্থাপন কৰাৰ মাজতে এইবাৰ এখন শিক্ষানুষ্ঠানত এজন লোকে হাতত মাৰণাস্ত্ৰলৈ প্ৰৱেশ কৰি শিক্ষাৰ্থীক পণবন্দী কৰিবলৈ লোৱা কাৰ্যই সমগ্ৰ দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।

বুধবাৰে বংগৰ মালদাহৰ এখন শিক্ষানুষ্ঠানত এজন ব্যক্তিয়ে হাতত পিষ্টল লৈ শ্ৰেণী কোঠাত প্ৰৱেশ কৰে। বিদ্যালয়খনৰ সপ্তম শ্ৰেণীত এইদৰে প্ৰৱেশ কৰি লোকজনে শিক্ষাৰ্থীসকলৰ ফালে পিষ্টল দেখুৱাই ভয় খোৱাবলৈ আৰম্ভ কৰে।

অৱশ্যে তাৎক্ষণিক ভাৱে আৰক্ষীয়ে শ্ৰেণী কোঠাটোত প্ৰৱেশ কৰি ব্যক্তিজনক আটক কৰিবলৈ সক্ষম হয়। এই ঘটনা সংঘটিত হৈছে মালদাহৰ মুচিয়া অঞ্চল চন্দ্ৰ মোহন উচ্চ বিদ্যালয়ত।

এই ঘটনাৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে। আৰক্ষীয়ে এই সন্দৰ্ভত কয়, ব্যক্তিজনে হাতত পিষ্টল লৈ শ্ৰেণী কোঠাত প্ৰৱেশ কৰি কাকত পঢ়িবলৈ আৰম্ভ কৰিছিল। তেওঁ শিক্ষাৰ্থীসকলক ধমকি দি কৈছিল গুলী ফুটাই দিব।

এই বিষয়ে বিদ্যালয় কৰ্তৃপক্ষই আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে তাৎক্ষণিক ভাৱে বিদ্যালয়খনত উপস্থিত হৈ ব্যক্তিজনক আটক কৰে। এই ব্যক্তিজনৰ পৰা কেইবাটাও বটল জব্দ কৰা হৈছে। আশংকা কৰা হৈছে এই বটল কেইটাত পেট্ৰল বম আছিল।

বিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এই লোকজনে শিক্ষাৰ্থীৰ আগত নিজকে অভিভাৱক হিচাপে পৰিচয় দি শ্ৰেণী কোঠাত প্ৰৱেশ কৰিছিল। কিন্তু হঠাৎ পিষ্টল উলিয়াই তেওঁ এইদৰে আচণৰ কৰে।

আৰক্ষীৰ মতে এই লোকজন মানসিক ভাৱে সুস্থিৰ নহয়। আৰক্ষীয়ে চলোৱা জেৰাত তেওঁ কয় যে, তেওঁৰ পত্নীয়ে সন্তানক উঠাই লৈ গৈছে। প্ৰশাসনে তেওঁৰ হেৰুওৱা সন্তান আৰু পত্নীৰ কোনো সন্ধান উলিয়াব পৰা নাই।

সেয়ে তেওঁ এইদৰে শিক্ষাৰ্থীসকলক পণবন্দী কৰিবলৈ চাইছিল। তেওঁ দাবী কৰিছে যে তেওঁৰ সন্তানো এই বিদ্যালয়ৰে শিক্ষাৰ্থী আছিল। এই বিষয়ে তেওঁ অভিযোগ দাখিল কৰিবলৈ বহু আৰক্ষী আৰু বিষয়াৰ কাষ চাপিছিল যদিও তেওঁক কোনেও সহায় নকৰিলে।

হাতত পিষ্টল লৈ শ্ৰেণী কোঠাত এজন ব্যক্তিঃ পণবন্দী শতাধিক শিক্ষাৰ্থী...
ৰাহুল গান্ধীৰ গোচৰে ল'লে নতুন মোৰ, স্বেচ্ছাই আতৰিল গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in