ৰাহুল গান্ধীৰ গোচৰে ল'লে নতুন মোৰ, স্বেচ্ছাই আতৰিল গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ

author-image
Asomiya Pratidin
New Update
ৰাহুল গান্ধীৰ গোচৰে ল'লে নতুন মোৰ, স্বেচ্ছাই আতৰিল গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ

ডিজিটেল ডেস্ক : মোডী উপাধিধাৰী লোকসকলৰ বিৰুদ্ধে মানহানিৰ গোচৰৰ শুনানিৰ পৰা স্বেচ্ছাই আতৰি আহিল গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গীতা গোপী । গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীক কংগ্ৰেছ নেতা‍ ৰাহুল গান্ধীৰ গোচৰটোৰ শুনানিৰ দায়িত্ব দিয়া হৈছিল যদিও তেওঁ ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ এই গোচৰটোৰ শুনানিগ্ৰহণত অপাৰগতা প্ৰকাশ কৰি গোচৰটোৰ শুনানি অন্য ন্যায়াধীশক অৰ্পন কৰাৰ বাবে মুখ্য ন্যায়াধীশলৈ আবেদন কৰে ।

উল্লেখ্য যে ফৌজদাৰী মানহানি গোচৰটোত ন্যায়িক দণ্ডাধীশৰ আদালতে প্ৰদান কৰা ন্যায়ৰ বিৰোধিতা কৰা ৰায়ৰ প্ৰত্যাহ্বান জনাই প্ৰথমে কংগ্ৰেছ নেতাগৰাকীয়ে ছেছন আদালতৰ কাষ চাপিছিল ।

ছেছন আদালতে পূৰ্বৰ ৰায়টোকে বাহাল ৰখাত তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ত ৰায়দানৰ প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল । যদিহে গুজৰাট উচ্চ ন্যায়ালয়ে দুবছৰীয়া কাৰাদণ্ড প্ৰদানৰ ৰায়টোত স্থগিতাদেশ জাৰী কৰে তেন্তে সাংসদ পদ ঘূৰাই পাব ৰাহুল গান্ধীয়ে ।

ৰাহুল গান্ধীৰ অধিবক্তা পি এছ চাপানেৰীয়ে এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰে যে, "গোচৰটোৰ পৰা ন্যায়াধীশ গীতা গোপী আতৰি যোৱাৰ পাছত নতুন ন্যায়াধীশক গোচৰটো অৰ্পন কৰাৰ বাবে প্ৰয়োজন হ'ব অতি কমেও দুটা দিনৰ ।

Also Read: লা-লীগাত বিধ্বস্ত হোৱাৰ দিশে ৰিয়েল মাদ্ৰিদৰ সপোন

rahul gandhi gujrat