/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/40c5aa20-062c-4227-b39c-88c4a8b1a2a3/1.jpg)
ডিজিটেল সংবাদ, দৰং: দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে জিলাখনৰ পৰা গুৱাহাটীলৈ অমৃত কলহ লৈ যোৱা যাত্ৰাৰ সেউজীয়া পতাকা জোকাৰি শুভাৰম্ভণি কৰে। জিলাখনৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় আৰু পৌৰসভাৰ কাৰ্যালয়ত ইতিমধ্যে সংগৃহীত পৱিত্ৰ মাটিৰে পূৰ্ণ পিতলৰ কলহ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অনা হয়।
জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা গীণিজ ৰেকৰ্ড সৃষ্টিকাৰী বিহু নৃত্যত অংশগ্ৰহণ কৰা বিহুৱা আৰু এন চি চি কেডেটৰ দল এটাৰ সৈতে এই কলহসমূহ এখন গাড়ীৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰা হয়।
দৰঙৰ পৰা গুৱাহাটীলৈ অমৃত কলহৰ এই যাত্ৰাৰ শুভাৰম্ভণি অনুষ্ঠানত অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মা, খাৰুপেটীয়া পৌৰসভাৰ সভাপতি কৃষ্ণা সাহা, ৩৭ এছ এছ বি বেটেলিয়নৰ বিষয়া-জোৱান, আৰক্ষীৰ লোক আদি উপস্থিত আছিল।