/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/0013c95b-1668-4f30-aa47-c0d216f5a7a8/result.jpg)
বিটিচি প্ৰশাসনৰ সম্বৰ্ধনা
ডিজিটেল সংবাদ, চিৰাংঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সমগ্ৰ ৰাজ্যৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰৰ তালিকাত অপ্ৰত্যাশিতভাৱে চিৰাং জিলাই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল । এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত চিৰাং জিলাৰ এই চমকপ্ৰদ উত্থান তথা সফলতাক সন্মান জনোৱাৰ উদ্দেশ্যেৰে বিটিচিৰ শিক্ষা বিভাগৰ উদ্যোগত ঢালিগাঁও স্থিত বঙাইগাঁও শোধনাগাৰৰ বিনোদন প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f1237dec-7aa1-4e38-810f-f2f79d56478f/85243a8e_ea23_45a7_a25a_c4c5b18a3e34.jpg)
জিলাখনৰ চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠানৰ পৰা আমন্ত্ৰিত অধ্যক্ষ, প্ৰধান শিক্ষক, সহকাৰী শিক্ষক সকলৰ উপস্থিতিত অনুষ্ঠিত বিশেষ কাৰ্য্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসমৰ হস্ততাঁত ৰেচম আৰু বস্ত্ৰশিল্প বিভাগ তথা চিৰাঙৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম । লগতে উপস্থিত থাকে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়, জিলা উপায়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডী, প্ৰমোদ বড়োৰ অএচডি বিষয়া ছাংগ্ৰাং ব্ৰহ্ম, বঙাইগাঁও শোধনাগাৰৰ কাৰ্য্যবাহী সঞ্চালক নয়ন কুমাৰ বৰুৱা, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক মঞ্জিল বসুমতাৰী সহ অন্যান্য আমন্ত্ৰিত অতিথি সকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/be8e9402-69dd-45e8-bc8b-d3da3316e980/748e9301_5c08_4d48_8ce8_a879f4e1f986.jpg)
শনিবাৰে অনুষ্ঠিত এই অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মই । তাৰ পিছত চিৰাঙৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় কুমাৰ বৈষ্ণৱে তেখেতৰ ভাষণত গুণগত শিক্ষাৰ দিশত পিছপৰা জিলা হিচাপে চিহ্নিত চিৰাং জিলাই বিগত বৰ্ষৰ ফলাফলৰ তালিকাৰ অন্তিম স্থানৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে তাৰ আঁৰত কিদৰে কাম কৰিছিল শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি সহকাৰী শিক্ষক, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকলে তাৰ বিতং তথ্য দাঙি ধৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/5f09acf9-44ff-4fc3-ac32-41366ea2c8d1/d6fa7efb_d301_46c3_949c_2cb4b546f17b.jpg)
বিধায়কদ্বয় ক্ৰমে জয়ন্ত বসুমতাৰী আৰু অজয় কুমাৰ ৰায়ে ভাষণ প্ৰসংগত চিৰাং জিলাৰ এই চমকপ্ৰদ ফলাফল আগন্তুক বৰ্ষতো যাতে ধৰি ৰাখিব পাৰে তাৰ বাৱে শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ সমাজক আহ্বান জনায় । অনুষ্ঠানত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণ হোৱা প্ৰথম দহটা চৰকাৰী শিক্ষানুষ্ঠানৰ অধ্যক্ষক বিটিচি প্ৰশাসনৰ শিক্ষা বিভাগৰ পৰা সন্মানিত কৰা হয় । তাৰ লগতে উপস্থিত প্ৰতিটো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ অধ্যক্ষ, প্ৰধান শিক্ষক সকলক সম্বৰ্ধনা জনোৱা হয় ।
Also Read: কোন জিলাৰ পৰা কিমানজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিলে…