/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/1ea6befb-1783-432b-8a7f-336623b08809/odisha.jpg)
ডিজিটেল ডেস্কঃ নৃশংস, বৰ্বৰ! নৱজাতকক হত্যা চেষ্টা নিজ পিতৃৰ। উৰিষ্যাৰ বালাচোৰ জিলাত সংঘটিত হৈছে এই ঘটনা। এগৰাকী ব্যক্তিয়ে তেওঁৰ পত্নীৰ অবৈধ সম্পৰ্ক থকাৰ সন্দেহত নিজ শিশুকেই কীটনাশক দ্ৰব্যৰ বেজী দিয়ে।
জানিব পৰা মতে সোমবাৰে শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু বৰ্তমান শিশুটিৰ অৱস্থা সংকটজনক।এই ঘটনা সন্দৰ্ভত কোনোৱে এজাহাৰ দাখিল নকৰাৰ বাবে মঙলবাৰে আৰক্ষীয়ে নিজেই এক এজাহাৰ দাখিল কৰে।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি অভিযুক্তৰ নাম চন্দন মহানা বুলি চিনাক্ত হৈছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক আটক কৰিছে। চন্দন আৰু তন্ময়ী যোৱা বছৰ বিবাহ পাশত আৱদ্ধ হৈছিল আৰু ৯ মে'ত তেওঁলোকৰ এটি সন্তান জন্ম হৈছিল।
তাৰপাছতে তন্ময়ীক চন্দনে মাকৰ ঘৰলৈ পঠাই দিছিল। সোমবাৰে চন্দনে তন্ময়ীক লগ কৰিবলৈ গৈছিল আৰু তেতিয়াই শিশুটিক কীটনাশক দ্ৰব্য়ৰ বেজী দিয়ে। ইতিমধ্যে নিজৰ দোষ স্বীকাৰ কৰিছে চন্দনে।
Also Read: ফাটবিহু কাণ্ডকলৈ ফেপেৰী পাতিছে ঢকুৱাখনাবাসীয়ে,সাধাৰণ সভাৰ আহ্বান