ফাটবিহু কাণ্ডকলৈ ফেপেৰী পাতিছে ঢকুৱাখনাবাসীয়ে,সাধাৰণ সভাৰ আহ্বান

শতিকা ধৰি বৰ অসমৰ বুকুত বাস কৰা ভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয় লোক কৃষ্টি সংস্কৃতিৰ পৰম্পৰাগত উপস্থাপন থলী এই চাৰিকড়ীয়া নদীৰ অৱবাহিকাৰ ফাটবিহু বাকৰি।

author-image
Asomiya Pratidin
New Update
ফাটবিহু কাণ্ডকলৈ ফেপেৰী পাতিছে ঢকুৱাখনাবাসীয়ে,সাধাৰণ সভাৰ আহ্বান

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমীয়া লোক কৃষ্টিৰ বৰভেঁটি স্বৰূপ মহঘুলি চাপৰিৰ ফাটবিহু বাকৰি । শতিকা ধৰি বৰ অসমৰ বুকুত বাস কৰা ভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয় লোক কৃষ্টি সংস্কৃতিৰ পৰম্পৰাগত উপস্থাপন থলী এই চাৰিকড়ীয়া নদীৰ অৱবাহিকাৰ ফাটবিহু বাকৰি। চলিত বৰ্ষত ফাটবিহু উদযাপনৰ বেলিকা সংঘটিত অক্ষমনীয় আৰু নিৰ্লজ হিংসাত্মক ঘটনাৰ ঢৌৱে আজিও আচ্ছন্ন কৰি ৰাখিছে সংস্কৃতিপ্ৰাণ মহলক।

Advertisment

ঢকুৱাখনাৰ লোক সংস্কৃতিপ্ৰেমী ৰাইজৰ লগতে গৰিমামণ্ডিত আৰু ইতিহাস প্ৰসিদ্ধ ফাটবিহুক জনদৃষ্টিত লজ্জানত কৰি বিহুৱা দলক নিৰ্মম মাৰপিট কৰা ঘটনা সংঘটিত হৈছিল। লগতে আনুসংগিক বিভিন্ন মৰ্যাদা লাঘৱকাৰী ঘটনাৰ তীব্ৰ অসন্তুষ্টি আৰু ক্ষোভ প্ৰকাশ কৰি এখন জৰুৰী সাধাৰণ সভা অনুষ্ঠিত কৰাৰ ৰাজহুৱা দাবী উত্থাপন কৰিছে ঢকুৱাখনাবাসীয়ে।

চলিত বৰ্ষত অনুষ্ঠিত হৈ যোৱা ফাটবিহুৰ সীমাহীন বিতৰ্কিত উপস্থাপন আৰু ক্ৰুটিপূৰ্ণ উদযাপনৰ জৰিয়তে ঢকুৱাখনাবাসীৰ একক লোকসম্পদ ফাটবিহুৰ মান মৰ্যাদা ,গৰিমা কলুষিত কৰাতো প্ৰতিগৰাকী সচেতন সংস্কৃতি প্ৰেমীয়ে অনুধাৱন কৰিছে। যাৰ বাবে এইবোৰ বিষয়ত মুকলি চৰ্চা আৰু আলোচনা কৰিবলৈ এখন জৰুৰী সাধাৰণ সভাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি সোমবাৰে ফাটবিহু সমিতিলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে ।

ঢকুৱাখনাৰ মুঠ ৫৪৪ গৰাকী প্ৰবীণ সাংস্কৃতিক কৰ্মী , বিশিষ্ট জ্যেষ্ঠ নাগৰিক , প্ৰবীণ সাহিত্যিক, লোক সংস্কৃতিবিদ আৰু সমাজ সচেতন ব্যক্তিয়ে স্বাক্ষৰ কৰি মূল ৫টা বিষয়ৰ ওপৰত মুকলি আলোচনা কৰাৰ বাবে সভা অনুষ্ঠিত কৰাৰ আহ্বানেৰে সমূহীয়া স্বাক্ষৰ সম্বলিত পত্ৰ প্ৰদান কৰিছে।  লোক সংস্কৃতিৰ বৰ ভেঁটি ফাটবিহু বাকৰিৰ মূল মঞ্চৰ ওপৰত লোক সংস্কৃতিৰ বাহক স্বৰূপ বিহু দলক নিৰ্মম প্ৰহাৰৰ ঘটনা , জাতিয় বস্ত্ৰ গামোচা কাটি দুভাগ কৰি পতাকা হিচাবে ব্যৱহাৰ কৰি গামোচাক তুচ্ছ জ্ঞান কৰা ঘটনা ,ফাটবিহুৰ মুখপত্ৰ "বিহুৱান'ত ফাটবিহুৰ ঐতিহ্য বিকৃতকৰণ কৰা তথ্য সন্নিবিষ্ট হোৱা ঘটনাকে মুখ্য কৰি ফাটবিহুৰ ইতিহাস কলুষিত কৰা বিভিন্ন দাবী সন্নিবিষ্ট কৰি ৫ শতাধিক নবীন প্ৰবীণ ৰাইজে এই স্পৰ্শকাতৰ বিষয় মুকলি চৰ্চাৰ বাবে জৰুৰী সভা আহ্বান কৰিছে। এই সভা অনুষ্ঠিত কৰাৰ আহ্বানেৰে সোমবাৰে ফাটবিহু সমিতিৰ সম্পাদক ভাস্কৰ দাসৰ হাতত গুৰুত্বপূৰ্ণ পত্ৰখন প্ৰদান কৰে ক্ষুব্ধ ৰাইজৰ হৈ উত্তম কুমাৰ বৰুৱা আৰু ভদ্ৰ গগৈয়ে। 

Also Read: মৰঙী প্ৰেছ ক্লাবত প্ৰয়াত সাংবাদিক অমূল্য দত্তৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী পালন...

bihu