বিজেপিৰ বাবে মূল TRPৰাহুল গান্ধী, সেয়ে তেওঁক হিৰো সজাব বিচাৰেঃ মমতা বেনাৰ্জী

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো দলেই চলাইছে প্ৰস্তুতি। ইয়াৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বক কটাক্ষ কৰি মন্তব্য কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

author-image
Asomiya Pratidin
New Update
বিজেপিৰ বাবে মূল TRPৰাহুল গান্ধী, সেয়ে তেওঁক হিৰো সজাব বিচাৰেঃ মমতা বেনাৰ্জী

mamta banerjee mamta banerjee

ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো দলেই চলাইছে প্ৰস্তুতি। ইয়াৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বক কটাক্ষ কৰি মন্তব্য কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ কয় যে, বিজেপিৰ বাবে টিআৰপি হ'ল ৰাহুল গান্ধী। বিজেপিয়ে ৰাহুল গান্ধীক হিৰো সজাব বিচাৰে যাৰ বাবে সদনক কাম কাজ হবলৈ নিদিয়ে।

Advertisment

বেনাৰ্জীয়ে কয় যে, বিজেপিয়ে সংসদ কাৰ্যকৰী হোৱাটো নিবিচাৰে। কিয়নো তেওঁলোকে ৰাহুল গান্ধীক নেতা বা হিৰো সজাব বিচাৰে। কাৰণ, যদিহে ৰাহুল গান্ধী নেতা হৈ থাকে, তেন্তে কোনোৱে নৰেন্দ্ৰ মোডীক বেয়া বুলি ক'ব নোৱাৰে। কাৰণ নৰেন্দ্ৰ মোডীৰ বাবে ৰাহুল গান্ধীয়ে আটাইতকৈ ডাঙৰ টিআৰপি।

মমতা বেনাৰ্জীয়ে দেওবাৰে দলীয় কৰ্মকৰ্তা সকলৰ লগত এক সভা সম্বোধন কৰে। এই সভাতেই মমতা বেনাৰ্জীয়ে এই মন্তব্য কৰে। ইয়াৰোপৰি কয় যে, সংসদত আডানী, গেছৰ দাম বৃদ্ধি, এল আই চি আদিৰ ওপৰত চৰ্চা হ'ব লাগিছিল যদিও হোৱা নাই। কিন্তু 'ইউনিফৰ্ম চিভিল কোড'ৰ কপি উত্থাপন কৰিছে। এই ইউনিফৰ্ম চিভিল কোড' কেতিয়াও সমৰ্থন নকৰে বুলি কয় মমতা বেনাৰ্জীয়ে।

Also Read: মহানগৰীত ছুৰীৰে আক্ৰমণ এজনক, আটক ৪ জন

congress bjp rahul gandhi