পুনৰবাৰ বিজেপি শাসনলৈ আহিলে দেশত ঘৃণা বিয়পাই পেলাবঃ মমতা বেনাৰ্জী

বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোমবাৰে কয় যে বিজেপিয়ে ডিচেম্বৰত লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে। লগতে কয় যে, প্ৰচাৰৰ বাবে বিজেপিয়ে ইতিমধ্যে হেলিকপ্টাৰ বুক কৰিছে। যাতে আন বিৰোধী দলসমূহে হেলিকপ্টাৰ বুক কৰিব নোৱাৰে তাৰ বাবে বিজেপিয়ে এনে কাম কৰা বুলি কয়।

তৃণমূল কংগ্ৰেছৰ যুৱ শাখাৰ ৰেলীত ভাষণ দি থকা মমতা বেনাৰ্জীয়ে কয় যে, বিজেপি তৃতীয়বাৰৰ বাবে শাসনলৈ আহিলে দেশখন "স্বৈৰাচাৰী" শাসনৰ সন্মুখীন হোৱাটো নিশ্চিত।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "গেৰুৱা দলটোৱে ইতিমধ্যে আমাৰ দেশখনৰ সম্প্ৰদায়সমূহৰ মাজত বিভেদৰ সৃষ্টি কৰি বিদ্বেষৰ এখন ৰাষ্ট্ৰলৈ পৰিণত কৰিছে। যদি তেওঁলোক ক্ষমতালৈ উভতি আহে, ই আমাৰ দেশক ঘৃণাৰ দেশ কৰি তুলিব।

দেওবাৰে পুৱা পশ্চিম বংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ এটা অবৈধ আতচবাজী কাৰখানাত সংঘটিত বিস্ফোৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, "কিছুমান লোক অবৈধ কাৰ্যকলাপত লিপ্ত হৈ আছে, আৰু কেইজনমান আৰক্ষী কৰ্মীয়ে ইয়াক সমৰ্থন কৰিছে। অৱশ্যে বেছিভাগ আৰক্ষীয়ে অতি আন্তৰিকতাৰে তেওঁলোকৰ কৰ্তব্য পালন কৰি আছে বুলিও কয়।

উল্লেখ্য যে, ২০২৪ চনত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । ইতিমধ্যে বিৰোধী একগোট হৈ বিজেপিক পৰাজয় কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰিছে। বিৰোধী মৰ্চা ইণ্ডিয়া মমতা বেনাৰ্জীৰো আছে যথেষ্ঠ অৰিহণা। কেইবাটাও শক্তিশালী দল লগ লাগি গঠন হোৱা বিৰোধীয়ে বিজেপিক পৰাজয় কৰিব পাৰিবনে নাই সেয়া সময়ত হ'ব লক্ষণীয়।

বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
চৰকাৰী চাউলৰ পৰা বঞ্চিত হ'ব মৰঙিৰ শ শ হিতাধিকাৰী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in